ধুবুৰী, 30 জুলাই : ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট খাই ভাল পায় ধুবুৰীৰ তোতা মিঞাই ৷ স্বাভাৱিকতেই ৰাতিপুৱাৰ চাহকাপৰ সৈতে ৰুটী আৰু অমলেটৰ ডিমাণ্ড ৰাখে তোতা মিঞা নামৰ লোকজনে ৷ স্বামীৰ সুখেই সুখ বুলি পত্নী ছকিনা বিবিয়েও প্ৰায়েই স্বামীৰ এই ভোজন বিলাসিতা পূৰণ কৰে ৷ পিছে শেহতীয়াকৈ স্বামী তোতা মিঞাৰ এই ভোজন বিলাসিতাই কাল হ’ল ছকিনা বিবিৰ বাবে ৷
নিৰ্দিষ্ট দিনটোত পুৱাই তোতা মিঞাই পত্নীক নিৰ্দেশ দিলে যে তেওঁ চাহৰ সৈতে ৰুটী আৰু অমলেট খাব ৷ পিছে, অজ্ঞাত কাৰণত পত্নী ছকিনা বিবিয়ে চাহ আৰু ৰুটী বনালে ঠিকেই অমলেট হে নবনালে ৷ কথাতেই কয় নহয়, স্বামীৰ হৃদয়ৰ পথ হেনো পেটৰ দিশেই থাকে ৷ পিছে, খাদ্য বিলাসী তোতা মিঞাৰ ক্ষেত্ৰত এই কথাই বিপৰীত ৰূপ ল’লে ৷
অমলেট খাবলৈ নাপাই পত্নীক হত্যাৰ চেষ্টা কৰিলে তোতমিঞাই ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট নাপাই খঙত অগ্নি শৰ্মা হৈ পৰা তোতা মিঞাই পত্নী ছকিনা বিবিৰ ওপৰত চিপৰাঙেৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণত ৰক্তাক্ত অৱস্থাত মাটিত ঢলি পৰে পত্নী ছকিনা ৷ পত্নীৰ এই অৱস্থা হোৱাৰ পিছতহে হিতাহিত জ্ঞান ঘূৰাই পায় স্বামীয়ে ৷
লগে লগেই দৌৰি গৈ ওচৰৰ এ এম কোঃ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে স্বামী তোতা মিঞাই । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মূৰ্মুৰ্ষ অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি স্বামী তোতা মিঞাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ সামান্য এটা অমলেটৰ বাবে এগৰাকী পত্নীক স্বামীয়ে এইদৰে হত্যাৰ চেষ্টা(attempt to murder) চলোৱাৰ ঘটনাই এতিয়া উদঙাই দিছে ৰাজ্যৰ সমাজ জীৱনত চলি থকা গাৰ্হস্থ্য় হিংসা(violence aginst women in home)ৰ এখন ভয়াৱহ ছবি ৷
লগতে পঢ়ক :বন্ধুৰ সৈতে মিলি প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ