তিনিচুকীয়া, 21 আগষ্ট : ব্ৰিটিছৰ শাসন কালত চাহ শ্ৰমিকক শোষণ আৰু অত্যাচাৰ কৰি দিনে-নিশাই চাহ বাগিচাৰ বিভিন্ন কামত লগোৱা হৈছিল । সেয়া আছিল অতীত । কিন্তু, পুনৰ একে ঘটনাই ঘটিল ৰাজ্যত ।
এইবাৰ ঘটনাৰ স্থান চাহ নগৰী ৰূপে খ্যাত তিনিচুকীয়া জিলাৰ ডুমডুমা । ডুমডুমাৰ চুক্ৰেটিং চাহ বাগিচাৰ পৰিচালকে শ্ৰম আইন উলংঘা কৰি নিশা 8 বজালৈকে প্ৰায় দুই শতাধিক মহিলা শ্ৰমিকক চাহপাত চিঙা কামত লগালে । এই অভিযোগ চাহ বাগিচাৰ শ্ৰমিকৰ (Strange incident happened in Tinsukia) ৷
এই ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ডুমডুমাবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
উল্লেখ্য যে পুৱা প্ৰায় 7 বজাৰ পৰা চাহ বাগিচাত কামত নিয়োজিত হোৱা চাহ শ্ৰমিকক ছুটী দিয়া হয় আবেলি 4 বজাত । কিন্তু শনিবাৰে চুক্ৰেটিঙত সেয়া নহ'ল । চাহ বাগিচা কৰ্তৃপক্ষই ছুটীৰ বাবে নিৰ্দেশ নিদিয়াত পুৱা প্ৰায় 7 বজাৰ পৰা নিশা ৮ বজালৈকে চাহ শ্ৰমিকে চিঙিলে কেঁচা পাত (women laborers engaged in plucking leaves Till 8 pm in Tinsukia)।