অসম

assam

ডুমডুমাত ডকাইতি কাণ্ড: লক্ষাধিক টকা লুট

By

Published : Feb 12, 2020, 4:36 PM IST

ডুমডুমাত পুনৰ সংঘটিত হৈছে ডকাইতি কাণ্ড ৷ পিষ্টল দেখুৱাই ডকাইতৰ দলটোৱে কাঢ়ি নিয়ে লক্ষাধিক টকা ৷

লুট লক্ষাধিক টকা
ডুমডুমাত ডকাইতি কাণ্ড

ডুমডুমা, 12 ফেব্ৰুৱাৰী: ডুমডুমাত সংঘটিত হৈছে ইটোৰ পাচত সিটো ডকাইতি কাণ্ড ৷ কিছুদিন পূৰ্বে ডুমডুমাৰ ৰূপাইত ডকাইতি কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই বুধবাৰে পুনৰ ডকাইতি কাণ্ড সংঘটিত হৈছে ডুমডুমাৰ এঠেঙীয়া বাইপাচত ৷ চ'লা মণ্ডলম নামৰ এটা মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ কৰ্মচাৰী প্ৰাঞ্জল লহকৰে 1 লাখ 42 হাজাৰ টকা সংগ্ৰহ কৰি তিনিচুকীয়া কাৰ্যালয়ত জমা দিবলৈ যোৱাৰ সময়তে ডকাইতিৰ ঘটনা সংঘটিত হয় ৷

ডুমডুমাত ডকাইতি কাণ্ড

এখন ক'লা ৰঙৰ পালচাৰ মটৰ চাইকেলত অহা দুজনীয়া ডকাইতৰ দলটোৱে পিষ্টল দেখুৱাই সমস্ত ধন লুট কৰি নিয়ে ৷ ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ ডুমডুমা অঞ্চলত ধাৰাৱাহিকভাৱে সংঘটিত হ'বলৈ ধৰা ডকাইতিৰ ঘটনাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

আৰু পঢ়ক: পুনৰ বৃদ্ধি হ’ল ৰাজ্য সাহায্য বিহীন চিলিণ্ডাৰৰ দাম

ABOUT THE AUTHOR

...view details