অসম

assam

ETV Bharat / city

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ এটা বছৰ : ৰাজহুৱা নহ’ল CIDৰ প্ৰতিবেদন - reporter parag bhuyan's death

কাকপথাৰৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা এটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও নোলাল সাংবাদিকজনৰ মৃত্যুৰ আচল ৰহস্য ৷

parag bhuyan
সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ এটা বছৰ

By

Published : Nov 12, 2021, 5:09 PM IST

শদিয়া, 12 নৱেম্বৰ :2020 বৰ্ষৰ 11 নৱেম্বৰ, এটা পথ দুৰ্ঘটনাত সলনি হৈ গৈছিল এটা পৰিয়ালৰ পৰিক্ৰমা ৷ চিৰদিনৰ বাবে হেৰাই গৈছিল ৰাইজৰ অভাৱ অভিযোগ তথা সমাজৰ হিতৰ বাবে মাত মাতি অহা এটা কণ্ঠ ৷ ঘৰৰ সমুখতেই এখন চাৰিচকীয়া বাহনে খুন্দিয়াই থৈ গৈছিল সাংবাদিক পৰাগ ভূঞাক ৷ কাকপথাৰৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা এটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও নোলাল সাংবাদিকজনৰ মৃত্যুৰ আচল ৰহস্য ৷

বিগত বৰ্ষৰ ১১ নৱেম্বৰত কাকপথাৰ চহৰৰ নিজ বাসগৃহৰ সন্মুখত এখন অচিনাক্ত বাহনৰ খুণ্ডাত গুৰুতৰভাৱে আহত হৈছিল কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি হিচাপেও কাৰ্য নিৰ্বাহ কৰা পৰাগ ভূঞা ৷ তৎমূহুৰ্ততেই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন ৷

পৰাগ ভূঞা

সেই নিশাই ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকক ঘটনাতো সংঘটিত কৰি পলায়ন কৰা গাড়ীৰ সন্ধানত তাৎক্ষণিক ব্যাৱস্থা লোৱাৰ নিৰ্দেশ দিছিল ৷ তাৰ পিছদিনাই অৰ্থাৎ ১২নৱেম্বৰত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই সদৰ আৰক্ষী থানাত ৰহস্যজনকভাৱে আত্মসৰ্মপণ কৰিছিল দুৰ্ঘটনা সংঘটিত কৰা AS 23 BC 7881 নম্বৰৰ জেনন গাড়ীখনৰ চালকসহ হেণ্ডিমেনে ৷

লগতে পঢ়ক :মহানগৰীৰ পল্টন বজাৰত সন্দেহজনক নৃশংস হত্যাকাণ্ড

সেইদিনাই ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত মৃত্যু হৈছিল সাংবাদিক পৰাগ ভূঞাৰ ৷ ঘটনাতো সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ অসমৰ সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তত ৰহস্যজনক দুৰ্ঘটনাটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ সঠিক তথ্য পোহৰলৈ অনাৰ দাবীত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল ৷ তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাৰ আচল ৰহস্য ভেদ কৰাৰ দায়িত্ব অৰ্পন কৰিছিল CID-ক ৷

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ এটা বছৰ

লগতে পঢ়ক :ছত্তীশগড়ৰ বুধনচাপাৰ জংঘলত ভাৰত-তিব্বত সীমান্ত আৰক্ষী (ITBP)ৰ অভিযান

সকলোৱে আশা কৰিছিল CID-ৰ তদন্তৰ জৰিয়তে সাংবাদিক পৰাগ ভূঞা আচলতে পথ দুৰ্ঘটনাত মৃত্যু নে এক পৰিকল্পিত হত্যাকাণ্ডৰ সেয়া স্পৰ্ষ্ট হ'ব ৷ কিন্তু এদিন, দুদিন কৰি এটা বছৰ অতিক্ৰম কৰিলে যদিও আজিকোপতি স্পষ্ট নহ’ল সেয়া এক দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড আছিল ৷ এটা বছৰ উকলি যোৱাৰ পিছতো CID-য়ে কিয় তদন্তৰ ফলাফল ৰাজহুৱা নকৰিলে সেইয়া এক ৰহস্যজনক বিষয় ৷

সাংবাদিকজনৰ ৰহস্যজনক মৃত্যুৰ পিছতেই পৰিয়ালৰ কাষলৈ ঢাপলি মেলা ৰাজ্যৰ মন্ত্ৰী, বিধায়ক, দল-সংগঠনৰ নেতা সকলোৱে পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ আচল ৰহস্য অতি সোনকালে পোহৰলৈ আহিব বুলি ভৰষা দিছিল যদিও সেইয়া হৈ নুঠিল ৷ ৰহস্যজনক দুৰ্ঘটনাটোৰ সঠিক তথ্য পোহৰলৈ আনি প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ পৰিয়ালক ন্যায় দিবলৈ কাকপথাৰৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে একেমুখে দাবী জনাইছিল ৷

লগতে পঢ়ক :মোমায়েকক হানি-খুচি হত্যাৰ চেষ্টা ভাগিনীয়েকৰ

কিন্তু বৰ্তমানলৈকে সকলো অন্ধকাৰত ৰাখিছে অসম চৰকাৰ, প্ৰশাসন তথা তদন্তকাৰী সংস্থা CID য়ে ৷ ৰহস্যজনক দুৰ্ঘটনাটোৰ তদন্তৰ গতি ক্ষীপ্ৰ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ভাৰত চৰকাৰক আহ্বান জনোৱাৰ পিছতো গা লৰা নাই ভাৰত তথা অসম চৰকাৰৰ ৷ বিগত সময়ছোৱাত হত্যাকাণ্ডৰ বলি হোৱা অসমৰ জেষ্ঠ সাংবাদিক পৰাগ কুমাৰ দাস, কমলা শইকীয়াৰ দৰে পৰাগ ভূঞাৰ মৃত্যুৰ ৰহস্যও আজীৱন ৰহস্যৰ মাজতেই থাকিব নেকি ? সেইয়া পৰৱৰ্তী সময়ত হে স্পষ্ট হ'ব ৷

উল্লেখ্য যে, বিগত তিনিটা দশক সাংবাদিকতাৰ যোগেদি সমাজত চলি অহা অনিয়ম, দুৰ্নীতি, চোৰাং বেহা, ছিণ্ডিকেট আদিৰ বিৰুদ্ধে আপোচবিহীনভাৱে মাত মাতি আহিছিল জেষ্ঠ সাংবাদিক গৰাকীয়ে ৷ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ভাতৃ প্ৰয়াত সাংবাদিক পৰাগ ভূঞাই মৃত্যুৰ সময়ত পত্নীসহ কণ কণ দুটিকৈ পুত্ৰ-কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে ৷

লগতে পঢ়ক :তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

নিজ পিতৃৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ আচল ৰহস্য জানিবলৈ এতিয়াও গভীৰ আশাৰে বাট চাই আছে কণ কণ শিশুদুটিৰ লগতে ৰুগীয়া মাতৃ কনকলতা ভূঞা, প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ পত্নী প্ৰিন্সমণি ভূঞাই ৷ লগতে প্ৰয়াত সাংবাদিক গৰাকীৰ পত্নী, বৃদ্ধা মাতৃয়ে CID তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰি মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আনি দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ অনুৰোধ জনায় ৷

আনহাতে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সাংবাদিক গৰাকীৰ মৃত্যুৰ CID তদন্ত আৰু চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ শীঘ্ৰেই প্ৰয়াত সাংবাদিক গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পৰিয়ালৰ লগতে ৰাইজৰ আগত দাঙি ধৰিবলৈ আহ্বান জনাই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক :অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড, কথমপি ৰক্ষা শতাধিক শিশুৰ জীৱন

ABOUT THE AUTHOR

...view details