অসম

assam

ETV Bharat / city

তিনিচুকীয়াত বিদ্যালয়ৰ একত্ৰিকৰণ সন্দৰ্ভত প্ৰতিবাদ - এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী

1897 চনতে প্ৰতিষ্ঠিত হোৱা এখন বিদ্যালয় ৷ যিখন বৰ্তমান একত্ৰিকৰণৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিছে ৷ এই ঐতিহ্যমণ্ডিত আদৰ্শ প্ৰাথমিক বিদ্যালয়খনৰ অস্তিত্ব বিলুপ্তি ঘটাই সাৰ্বজনীন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণৰ বাবে কৰা চৰকাৰৰ সিদ্ধান্তত ক্ষোভিত হৈ পৰে সচেতন নাগৰিক সমাজ ।

Protest against school merger in Tinsukia etv bharat assam
তিনিচুকীয়াত বিদ্যালয়ৰ একত্ৰিকৰণকলৈ প্ৰতিবাদ

By

Published : Jul 31, 2021, 5:39 PM IST

Updated : Jul 31, 2021, 7:24 PM IST

তিনিচুকীয়া, 31 জুলাই :ৰাজ্যৰ শিক্ষা বিভাগে তিনিচুকীয়াৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়খন সাৰ্বজনীন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰিবলৈ লোৱা কাৰ্যত সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । 1897 চনতে প্ৰতিষ্ঠিত এই শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰি যোৱা বহু প্ৰাক্তন ছাত্ৰ আজি অসমৰ প্ৰতিষ্ঠিত ব্যক্তি । এইসকলৰ ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা, অসমৰ প্ৰাক্তন মন্ত্ৰী পৰমানন্দ গগৈ, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰ নাথ গোস্বামীকে ধৰি বহু বৰেণ্য ব্যক্তি অন্যতম ।

তিনিচুকীয়াত বিদ্যালয়ৰ একত্ৰিকৰণকলৈ প্ৰতিবাদ

এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ অস্তিত্বৰ বিলুপ্তি ঘটাই তিনিচুকীয়া সাৰ্বজনীন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণৰ বাবে কৰা চৰকাৰৰ সিদ্ধান্তত ক্ষোভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ আৰু সচেতন নাগৰিক সমাজ । শনিবাৰে ৰাজ্যৰ শিক্ষা বিভাগৰ এনে সিদ্ধান্ত প্ৰত্যহাৰ কৰিবলৈ তিনিচুকীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কভিড প্ৰ'টকল নিয়ম পালন কৰি প্ৰাক্তন ছাত্ৰ, সচেতন নাগৰিক সমাজ আৰু বহু দল সংগঠন একত্ৰিত হৈ এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । তাৎপৰ্যপূৰ্ণ যে অসম চৰকাৰৰ ASE 481/2016/17 ৰ নিদেৰ্শমতে একত্ৰিকৰণৰ বাবে বিদ্যালয়সমূহ একেটা সীমাৰ ভিতৰত থাকিব লাগে ।

দ্বিতীয়তে প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী 100 জনতকৈ কম হ’ব লাগে । কিন্তু এইখন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত দুয়োটা নিয়মে প্ৰযোজ্য নহয় । তথাপি ৰহস্যজনকভাৱে শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:HSSLC ৰ ফলাফল : কলা শাখাত উত্তীৰ্ণৰ হাৰ ২০.৬৫ শতাংশলৈ বৃদ্ধি

Last Updated : Jul 31, 2021, 7:24 PM IST

ABOUT THE AUTHOR

...view details