অসম

assam

ETV Bharat / city

জন এনাৰ্জীক খননৰ ঠিকা : আদালতত উত্তৰহীন অইল কৰ্তৃপক্ষ - দেশ কঁপোৱা বাঘজান কাণ্ড

দেশ কঁপোৱা বাঘজান কাণ্ডৰ আঁৰত জড়িত থকা ব্লেক লিষ্টেড কোম্পানী জন এনাৰ্জীক অইল ইণ্ডিয়াৰ ঠিকা দিয়াৰ বিষয় সন্দৰ্ভত তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ (Complain against John Energy)। কেৱল উচ্চ দৰত দিয়া নিবিদাৰ বাবেই কাম দিয়া হ'ল বুলি জনালে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷

mining contract with John energy
mining contract with John energy

By

Published : Jun 3, 2022, 9:59 PM IST

গুৱাহাটী, 3 জুন: দেশ কঁপোৱা বাঘজান কাণ্ডৰ (Baghjan fire incident) আঁৰত জড়িত থকা ব্লেক লিষ্টেড কোম্পানী জন এনাৰ্জীক অইল ইণ্ডিয়াৰ ঠিকা দিয়াৰ বিষয় (John Energy Limited controversy) সন্দৰ্ভত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছে ভুক্তভোগী । ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুকুৰবাৰে শুনানী গ্ৰহণ কৰা হয় ।

উল্লেখ্য বাঘজান কাণ্ডৰ 500 জন ভুক্তভোগীয়ে অইল ইণ্ডয়া আৰু জন এনাৰ্জীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (Complain against John Energy)৷ তেওঁলোকে অভিযোগ তুলিছে যে, জন এনাৰ্জীক তেল খননৰ দ্বায়িত্ব দিলে পুনৰ আন এক বাঘজান কাণ্ড সংঘটিত হোৱাৰ আশংকা আছে ৷ কাৰণ জন এনাৰ্জীৰ ভুলৰ বাবেই বাঘজানত সংঘটিত হৈছিল অগ্নিকাণ্ড ।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বাঘজানত BGR 5 নং তৈল খাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ (Baghjan fire incident) পিছত দুবছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল জন এনাৰ্জীক ৷

কিন্তু দুবছৰ নৌহওঁতেই ব্যক্তিগত প্ৰতিস্থানটোক পুনৰ 5 খন তৈল ক্ষেত্ৰ খননৰ অনুমতি দিলে অইল ইণ্ডিয়াই ৷ দুলীয়াজান, নামৰূপ আৰু মৰাণৰ 4 খন তৈল ক্ষেত্ৰ খননৰ বাবে জন এনাৰ্জীক অনুমতি দিছিল অইলে ৷ আদালতত আবেদনকাৰীয়ে ব্লেক লিষ্টেড কোম্পানীক পুনৰ নিবিদা প্ৰদানৰ বিষয়টো উত্থাপন কৰিছিল ৷

এই সন্দৰ্ভত ন্যায়ালয়ে জবাবদিহি কৰিছিল অইল ইণ্ডিয়া লিমিটেডক ৷ কিন্তু অইল ইণ্ডিয়াই এই সন্দৰ্ভত কোনো উত্তৰ দিব নোৱাৰিলে ৷ কেৱল উচ্চ দৰত দিয়া নিবিদাৰ বাবেই কাম দিয়া হ'ল বুলি জনালে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ ইয়াৰ পিছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰালয়ক আপত্তি দিবলৈ পৰামৰ্শ দিয়ে ন্যায়ালয়ে । এতিয়া পেট্ৰলিয়াম মন্ত্ৰণালয়ে সমগ্ৰ বিষয়টো কেনেদৰে তদন্ত কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক :দিল্লী, দিছপুৰ, ডিফুত বিজেপিৰ চৰকাৰ মানে তিনিটা ইঞ্জিনৰ চৰকাৰঃ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details