অসম

assam

ETV Bharat / city

তিনিচুকীয়া আৰু ডিব্ৰুগড়ত অইল ইণ্ডিয়া লিমিটেডৰ জনকল্যাণমূলক আঁচনি ৰূপায়ণ - সৌৰ শক্তি

অইলৰ দ্বাৰা 64 টা পৰিয়ালক সৌৰ বিজুলী ব্যৱস্থা, সৌৰ চাকি, আধুনিক জীৱাশ্ম ৰন্ধন ষ্ট্ৰভ প্ৰদান

অইল ইণ্ডিয়াৰ জনকল্যাণমূলক আচনি

By

Published : Mar 15, 2019, 9:38 PM IST

তিনিচুকীয়া,15মাৰ্চ: অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ সৌজন্যত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত 'অইল উর্জা সৌৰ সমাধা সুখী পৰিয়াল কাৰ্যসূচী' হাতত লৈছিল ৷ শুকুৰবাৰে ডঃ ভূপেন হাজৰিকা সেতুৰ সমীপৰ জি’ৰ পইণ্টত সামৰণি পৰে এই প্ৰকল্পৰ কাম ৷ ইপিনে এই অনুষ্ঠানৰ সামৰণি উপলক্ষে সামগ্ৰী বিতৰণৰ বাবে আয়োজিত এক অনুষ্ঠানত অঞ্চলটোৰ চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰৰ 64 টা পৰিয়ালক সৌৰ ঘৰুৱা বিজুলী ব্যৱস্থা, সৌৰ চাকি, আধুনিক জীৱাশ্ম ৰন্ধন ষ্ট্ৰভ প্ৰদান কৰে দেশৰ আগশাৰীৰ ৰাজহুৱা উদ্যোগিক প্ৰতিষ্ঠানটোৱে । লগতে ধলাৰ মিৰিগাঁৱৰ 286 টা পৰিয়ালকো সৌৰ চাকি বিতৰণ কৰে অইল ইণ্ডিয়া কতৃপক্ষই ।

অইল ইণ্ডিয়াৰ জনকল্যাণমূলক আচনি
উল্লেখ্য যে দীৰ্ঘম্যাদী আৰু কম খৰছি সৌৰ শক্তিৰে পৰিস্কাৰ আৰু ঘৰুৱা বিজুলী আৰু ৰন্ধনৰ বাবে প্ৰদান কৰাটোৱে এই আঁচনিৰ মূল উদ্দেশ্য ৷ সামৰণি অনুষ্ঠানটোত অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া, স্থানীয় জনসাধাৰণৰ লগতে হিতাধিকাৰীসকল উপস্থিত থাকে৷

ABOUT THE AUTHOR

...view details