অসম

assam

ETV Bharat / city

তিনিচুকীয়া জিলাত প্ৰকাশ সংশোধিত ভোটাৰ তালিকা - ভোটাৰ তালিকা

লোকসভা নিৰ্বাচনৰ পূৰ্বেই তিনিচুকীয়া জিলাত প্ৰকাশ সংশোধিত ভোটাৰ তালিকা ৷ জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে প্ৰকাশ এই নতুন সংশোধনী তালিকা ৷

সংশোধিত ভোটাৰ তালিকা

By

Published : Feb 9, 2019, 3:47 PM IST

তিনিচুকীয়া, ৯ ফেব্ৰুৱাৰীঃ জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিছে সংশোধনী ভোটাৰ তালিকাখন ৷ জিলাখনৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা সমষ্টিৰ বাবে প্ৰকাশ কৰা হৈছে এই সংশোধনী তালিকাখন ৷

জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা এই তালিকাখনত অন্তৰ্ভূক্ত হৈছে ১২২ নং তিনিচুকীয়া সমষ্টি, ১২৩ নং ডিগবৈ সমষ্টি আৰু ১২৫ নং ডুমডুমা সমষ্টি ৷ সংশোধিত ভোটাৰ তালিকা অনুসৰি, সমষ্টিকেইটাত বৃদ্ধি পাইছে ১৯,৮১১গৰাকী ভোটাৰ ৷

চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি কৰি প্ৰকাশ কৰা হৈছে এই সংশোধিত ভোটাৰ তালিকাখন ৷ সংশোধিত ভোটাৰ তালিকা অনুসৰি, ১২২নং তিনিচুকীয়া সমষ্টিত মুঠ ১,৬১,৩৯৬গৰাকী ভোটাৰ অন্তৰ্ভূক্ত হৈছে ৷ ইয়াৰ ভিতৰত ৮২,৬৮৬গৰাকী পুৰুষ ভোটাৰ, ৭৮,৭০৩গৰাকী মহিলা ভোটাৰ, ৩৪৪গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪গৰাকী ছাৰ্ভিচ ভোটাৰ আৰু ৭গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভূক্ত হৈছে ৷

সংশোধিত ভোটাৰ তালিকা

একেদৰে, ১২৩নং ডিগবৈ সমষ্টিত মুঠ ১,২৯,৭০২গৰাকী ভোটাৰ অন্তৰ্ভূক্ত হৈছে ৷ ইয়াৰ ভিতৰত ৬৫,৫৮৮গৰাকী পুৰুষ ভোটাৰ, ৬৪,১০৪গৰাকী মহিলা ভোটাৰ, ১১৩গৰাকী ছাৰ্ভিচ ভোটাৰ, ৯৪গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আৰু ১০গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভূক্ত হৈছে ৷

আনহাতে, ১২৫নং ডুমডুমা সমষ্টিত সৰ্বমুঠ ১,৪১,৫২০গৰাকী ভোটাৰ নতুন সূচীত অন্তৰ্ভূক্ত হৈছে ৷ ইয়াৰে ৭১,২৮০গৰাকী পুৰুষ ভোটাৰ, ৭০,২০২গৰাকী মহিলা ভোটাৰ, ১২৩গৰাকী ছাৰ্ভিচ ভোটাৰ, ৯৭গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আৰু ৪গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভূক্ত হৈছে ৷

ABOUT THE AUTHOR

...view details