অসম

assam

শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ মনোনয়ন পত্ৰ দাখিল

By

Published : Mar 10, 2021, 5:44 PM IST

শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ মনোনয়ন পত্ৰ দাখিল ৷ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে শদিয়া বিধানসভা সমষ্টিৰ হৈ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷

শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ মনোনয়ন পত্ৰ দাখিল
শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ মনোনয়ন পত্ৰ দাখিল

শদিয়া,10 মাৰ্চ: সমাগত 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে প্ৰতিটো দলে বিধানসভা নিৰ্বাচনৰ কুচ-কাৱাজ আৰম্ভ কৰিছে ৷ মঙলবাৰে তিনিচুকীয়াৰ 126নং শদিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা বিধায়ক বলিন চেতিয়াই মনোনয়ন পত্ৰ দাখিল কৰে ৷

বলিন চেতিয়াই কেইবাহাজাৰ সৰ্মথকক লগত লৈ তিনিচুকীয়াৰ শদিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত শ শ দলীয় কৰ্মীয়ে ভিৰ কৰে । কাৰ্যালয়ৰ সন্মুখত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যৰে এক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হয় ৷

লগতে পঢ়ক :নিৰ্বাচনৰ সন্দৰ্ভত কি ক'লে জগদীশ ভূঞাই

ABOUT THE AUTHOR

...view details