অসম

assam

ETV Bharat / city

ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ সংবাদমেল - আঠখন আঁচনিৰ খতিয়ান সঞ্জয় কিষাণৰ

সংবাদমেলত আঠখন আঁচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে সৰ্বমুঠ ৬৩ কোটি টকা আৱন্টন দিয়াৰ কথা ঘোষণা মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ লগতে প্ৰাক-প্ৰাথমিক জলপানী ৩০০০ টকাকৈ ২২৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক দিয়াৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

Minister Sanjoy Kishan Press Meet
Minister Sanjoy Kishan Press Meet

By

Published : Aug 18, 2020, 2:21 AM IST

তিনিচুকীয়া, 18 আগষ্টঃ অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ অৰ্থসামাজিক উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে প্ৰৱৰ্তন কৰি থকা আঠখন আঁচনিৰ কাম অধিক গতিশীল কৰাৰ লগতে স্বচ্ছ আৰু ক্ৰুটিহিন আৰু নিদিষ্ট সময়ত কাৰ্যকৰি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে অনলাইন প্ৰক্ৰিয়া ৷

এই বিষয়কলৈ সোমবাৰে তিনিচুকীয়াত শ্ৰম আৰু চাহ জনগোষ্ঠী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ সংবাদমেলত মন্ত্ৰী কিষাণে আঠখন আঁচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে সৰ্বমুঠ ৬৩ কোটি টকা আৱন্টন দিয়াৰ কথা ঘোষণা কৰে ৷ বিশেষকৈ প্ৰাক প্ৰাথমিক জলপানী ৩০০০ টকাকৈ ২২৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক দিয়াৰ কথা জানিবলৈ দিয়ে ৷

ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ সংবাদমেল

বিশেষকৈ চাইমন সাং হৰ প্ৰৱেশিকা বিশেষ জলপানী আঁচনিৰ বাবে ৭ কোটি টকা, প্ৰৱেশিকা জলপানীৰ বাবে ৬ কোটি টকা, উচ্ছ শিক্ষাৰ বিত্তীয় অনুদানৰ বাটে ২ কোটি টকা, ANM আৰু GNM, কাৰিকৰি শিক্ষাৰ বাবে ৪ কোটি টকা, উচ্ছ শিক্ষাৰ প্ৰশিক্ষণৰ বাবে ১ কোটি টকা ,দয়াল দাস পাণিকা স্বনিয়োজন আঁচনিৰ বাবে ৪০ কোটি আৰু বিশেষকৈ চাহ বাগিছাৰ মহিলা সকলৰ আত্ম সহায়ক গোটৰ বাবে ১ কোটি টকাৰ অনুদান লোৱাৰ কথা ঘোষণা কৰে ৷

সংবাদমেলত মন্ত্ৰী কিষাণে সংবাদমেলত জানিব পৰা মতে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ছাত্ৰ আৰু যুৱ সংগঠনে চাহ জনগোষ্ঠীৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ৷

লগতে চাওক-নাবালিকাক গণধৰ্ষণৰ অভিযোগত এজনক আটক

ABOUT THE AUTHOR

...view details