অসম

assam

ETV Bharat / city

এমাহতে নিঠৰুৱা হ'ল চাৰি ভাই-ভনী - Suren phukan

ডিগবৈত এমাহৰ ভিতৰতে পিতৃ-মাতৃক হেৰুৱাবলগীয়া হৈছে চাৰি শিশুৱে ৷ ফলত পিতৃ মাতৃৰ অবিহনেই জীৱন যুঁজত যুঁজ দিছে চাৰি শিশুৱে ৷

as-Digboi-four-siblings-in-digbai-are-in-trouble-after-loosing-both-parents-Vis-ASC10083
ডিগবৈত এমাহতে নিঠৰুৱা হ'ল চাৰি ভাই-ভনি

By

Published : Jul 4, 2021, 7:59 PM IST

ডিগবৈ, 4 জুলাই : জীৱনৰ অৰ্থ নুবুজোতেই চাৰিটিকৈ শিশুৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ৷ এমাহৰ ভিতৰতে ঘাট মাউৰা হ’ল চাৰি ভাই-ভনী ৷ পিতৃ-মাতৃ অবিহনেই এতিয়া জীৱন যুঁজত খোজ দিবলগীয়া হৈছে শিশুকেইটাই ৷

ডিগবৈৰ মামৰণী গাঁৱৰ নিবাসী চুনু ওৰাং আৰু ব্ৰিশী ওৰাঙে তিনিগৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ সৈতে জীৱন নিৰ্বাহ কৰিছিল ৷ কিন্তু সময়ৰ কালচক্ৰত পৰি অচিন ৰোগত আক্ৰান্ত হৈ 28 দিনৰ পূৰ্বে চাৰি সন্তানৰ মাতৃ ব্ৰিশী ওৰাঙে অকাল মৃত্যুক সাৱতি লয় ৷ মাতৃৰ মৃত্যুৰ পাচত পিতৃ চুনু ওৰাঙে চাৰি সন্তানক বুকুত সাৱতি মাতৃৰ দায়িত্বও পালন কৰি গৈছিল ৷

ডিগবৈত এমাহতে নিঠৰুৱা হ'ল চাৰি ভাই-ভনী

কিন্তু অচিন ৰোগত আক্ৰান্ত হৈ দুদিন পূৰ্বে মৃত্যুক আঁকোৱালি লয় চুনু ওৰাঙে ৷ যাৰ ফলত এতিয়া চুনু আৰু ব্ৰিশী ওৰাঙে চাৰি সন্তানৰ জীৱনলৈ নামি আহিছে কাল অমানিশা ৷ চাৰি দেৱশিশু যেন এতিয়া নিৰুপায় হৈ পৰিছে ৷ বৰ্তমান চাৰি দেৱশিশুক ওচৰ-চুবুৰীয়াৰ লোকে শুশ্ৰুষা তথা চোৱা-চিতা কৰি আহিছে ৷

কিন্তু স্থানীয় লোকে চাৰি শিশুৰ পঢ়া শুনা তথা ভৱিষ্যত জীৱনৰ কথা চিন্তা কৰি চৰকাৰ তথা ডিগবৈ সমষ্টিৰ বিধায়ক চুৰেণ ফুকনক শিশুকেইটাৰ ভৱিষ্যতৰ বাবে সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ এমাহৰ ভিতৰতে ঘাট মাউৰা হোৱা এই শিশু কেইটিৰ জীৱনক লৈ এতিয়া চিন্তিত হৈ পৰিছে ওচৰ-চুবুৰীয়া ৷ কোনো সদাশয় লোকে চাৰিও ভাই-ভনীক সহায় কৰে তাৰবাবে স্থানীয় লোক সকলে আহ্বান জনাইছে ৷

লগতে পঢ়ক-ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ

ABOUT THE AUTHOR

...view details