অসম

assam

ETV Bharat / city

পুৰণি বিহু নাচৰ ঐতিহ্য ৰক্ষা কৰি কাকপথাৰত বিহু নৃত্য কৰ্মশালা - dybihurani

কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাকপথাৰ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহৰ প্ৰাঙ্গনত পোন্ধৰ দিনীয়া বিহু নৃত্য কৰ্মশালা

পুৰণি বিহু নাচৰ ঐতিহ্য ৰক্ষা কৰি কাকপথাৰত বিহু নৃত্য কৰ্মশালা

By

Published : Apr 6, 2019, 6:02 AM IST

শদিয়া,৬ মাৰ্চঃ পুৰণি বিহু নাচৰ পৰম্পৰা জীয়াই ৰখাৰ উদ্দেশ্যে কাকপথাৰত অনুষ্ঠিত কৰা হয় পোন্ধৰ দিনীয়া বিহু নৃত্য কৰ্মশালা । কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাকপথাৰ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহৰ প্ৰাঙ্গনত চলি থকা কৰ্মশালাখনত অংশগ্ৰহণ কৰে দুশৰো অধিক প্ৰতিযোগীয়ে ।

পুৰণি বিহু নাচৰ ঐতিহ্য ৰক্ষা কৰি কাকপথাৰত বিহু নৃত্য কৰ্মশালা

ডি ৱাই বিহু ৰাণী উৰ্মিমালা দুৱৰা, লতাশিলৰ প্ৰথম বিহুৰাণী বিনা কলিতা, সিমাক্ষী হাজৰীকা, কৃঞ্চাশ্ৰী বুঢ়াগোহাঁই আৰু হিমাজ্যোতি বৰুৱাই প্ৰশিক্ষক হিচাপে থকা কৰ্মশালা খনিৰ যোগেদি উঠি অহা প্ৰজন্মই বিহু নাচৰ প্ৰকৃততা বজাই ৰাখি অসমীয়া সংস্কৃতি জীয়াই ৰাখিব বুলি আশা প্ৰকাশ কৰিছে প্ৰশিক্ষকসকলে ।

উদ্যোক্তামণ্ডলীয়ে জানিবলৈ দিয়া মতে, কৰ্মশালাখনি ১২ এপ্ৰিলত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত অন্ত পৰিব ।

ABOUT THE AUTHOR

...view details