অসম

assam

ETV Bharat / city

গৃহৰক্ষী বাহিনীৰ দুই জোৱানক যাৱজ্জীৱন কাৰাদণ্ড তেজপুৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ - দুষ্মন্ত নাথক নৃশংসভাৱে হত্যা

2013 চনত তেজপুৰত সংঘটিত এটা নৃশংস হত্যাকাণ্ড (Brutal murder in Tezpur) ৷ এগৰাকী লোকক পত্নীৰ সন্মুখতে হত্যা কৰিছিল গৃহৰক্ষী বাহিনীৰ এজন জোৱানে ৷ আঠ বছৰৰ পাচত অপৰাধীক শাস্তি প্ৰদান আদালতৰ ৷

Brutal murder in Tezpur
Brutal murder in Tezpur

By

Published : Dec 22, 2021, 6:36 PM IST

তেজপুৰ, ২২ ডিচেম্বৰ : গৃহৰক্ষী বাহিনীৰ দুই জোৱানক যাৱজ্জীৱন কাৰাদণ্ড তেজপুৰ সত্ৰ ন্যায়াধীশ ন্যায়ালয়ৰ (Tow home guards sentenced life time imprisonment) । হত্যাৰ অপৰাধত অভিযুক্ত গৃহৰক্ষী জোৱান দুজনক বিহা হয় যাৱজ্জীৱন কাৰাদণ্ড ৷ তেজপুৰ নিজ বিহগুৰিত যোৱা ২০১৩ চনত ২৭ চেপ্তম্বৰত দুষ্মন্ত নাথক নৃশংসভাৱে হত্যা কৰিছিল(Brutal murder in Tezpur) সদৌ অসম গৃহৰক্ষী বাহিনীৰ সভাপতি অঞ্জন নাথ আৰু সেই অঞ্চলৰে শৈলেন নাথে ৷

নিশা প্ৰায় ৯.৩০ বজাত নিজ বিহগুৰিৰ ৰবীন নাথৰ ঘৰত আলহী খাই উলটি যোৱাৰ কালত দুষ্মন্ত নাথক অঞ্জন নাথ আৰু সহযোগী শৈলেনে চোকা অস্ত্ৰৰে হত্যা কৰে ৷ তাৰ পিছত পুঠিমাৰী আৰক্ষী চকীত চোকা অস্ত্ৰ সহ আত্মসমৰ্পন কৰিছিল দুয়োৱে ৷ সেই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰিছিল দুষ্মন্ত নাথৰ পত্নীয়ে ৷

গৃহৰক্ষী বাহিনীৰ দুই জোৱানক যাৱজ্জীৱন কাৰাদণ্ড তেজপুৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ
তেজপুৰ সত্ৰ ন্যায়াধীশৰ আদালতত চলি থকা ২২৭/ ২০১৪ চনৰ এই গোচৰত বুধবাৰে আদালতে হত্যাকাৰী অঞ্জন নাথ আৰু সহযোগী শৈলেন নাথক যাৱজ্জীৱন কাৰদণ্ডৰ লগতে ১০ হাজাৰ জৰিমনাৰে দণ্ডিত কৰে ৷

ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ প্ৰদান কৰে ৷ অঞ্জন আৰু শৈলেন নাথে আদালতৰ পৰা এই গোচৰৰ জামিন লৈ শোণিতপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কি দৰে কৰ্তব্যত নিয়োজিত হৈ আছিল সেয়াও এক ৰহস্যৰ বিষয় ৷ বছৰৰ পিছত বছৰ ধৰি তেজপুৰস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এই দুই গৃহৰক্ষীৰ জোৱানে কাৰ্যনিৰ্বাহ কৰি আহিছিল গ্ৰেপ্তাৰ হোৱা পৰ্যন্ত ৷

লগতে পঢ়ক :Abhi Neel murder case : 2021 ৰ শেষৰটো শুনানিত সাক্ষীয়ে আদালতত মিছা সাক্ষ্য প্ৰদানৰ অভিযোগ

ABOUT THE AUTHOR

...view details