তেজপুৰ,২৮ নৱেম্বৰ :তেজপুৰৰ ভোজখোৱা চাপৰিত চাঞ্চল্যকৰ ঘটনা ৷ শুই থকা অৱস্থাত মৃত্যু হয় এহাল বৃদ্ধ দম্পতীৰ ৷ দম্পতীহাল নুৰুল ইচলাম আৰু আয়েচা খাটুন ৷ দম্পতীহালক স্থানীয় লোকে নিজ গৃহৰ বিচনাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাছতেই স্থানীয় লোকে খবৰ দিয়ে তেজপুৰ আৰক্ষীক ৷ তেজপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখে ৷ স্থানীয় লোকৰ মন্তব্য অনুসৰি, বৃদ্ধ দম্পতিহাল পেৰেলাইচিছ ৰোগত আক্ৰান্ত হৈ আছিল ৷
তেজপুৰত শুই থকা অৱস্থাত মৃত্যু হয় এহাল দম্পতীৰ
তেজপুৰৰ ভোজখোৱা চাপৰিত শুই থকা অৱস্থাত মৃত্যু হয় এহাল দম্পতীৰ ৷ ঘটনাৰ লগত দম্পতীহালৰ জোঁৱায়েক জড়িত থকাৰ সন্দেহ স্থানীয় লোকৰ ৷
তেজপুৰত শুই থকা অৱস্থাত মৃত্যু হয় এহাল দম্পতীৰ
অন্য এক খবৰৰ বাবে : বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা
ইফালে এই ঘটনাৰ লগত বৃদ্ধ দম্পতীহালৰ একমাত্ৰ জীয়ৰীৰ স্বামী অৰ্থাৎ জোঁৱায়েক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ৷ কিয়নো কিছুদিন পূৰ্বে ঘৰুৱা কন্দলৰ বাবে দম্পতীহালৰ জীয়ৰীয়ে স্বামীৰ ওপৰত এক গোচৰ ৰুজু কৰিছিল ৷