তেজপুৰ, ২ এপ্ৰিলঃঢেকিয়াজুলি আৰু ওডালগুৰিৰ সীমামূৰীয়া অঞ্চল গৰিয়াপথাৰতবিগত কেইবাদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহা ঢেকিয়াপতীয়া বাঘটো অৱশেষত মঙলবাৰে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷ বনবিভাগ আৰু Wild Life Trust Of Indiaৰ সহযোগত ট্ৰেংকুলাইজকৰি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বাঘটো ৷
শোণিতপুৰত পিঞ্জৰাবদ্ধ বনৰজা - ওৰাং ৰাষ্টীয় উদ্যান
Wild Life Trust Of Indiaৰ সহযোগত ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰা হয় প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ ৷ বিগত কেইবাদিন ধৰি ঢেকিয়াজুলি আৰু ওডালগুৰিৰ সীমামূৰীয়া অঞ্চল গৰিয়াপথাৰত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বাঘটোৱে
ওৰাং ৰাষ্টীয় উদ্যানৰ পৰা ওলাই অহা এই প্ৰাপ্তবয়স্ক ঢেকিয়াপতীয়া বাঘটো দুটা ট্ৰেংকুলাইজাৰেৰে পাকে্ টাইগাৰ ৰিজাৰ্ভৰ ড৹ ৰিংকু গোহাঁইয়ে পিঞ্জৰাবদ্ধ কৰাবলৈ সক্ষম হয় ৷ ওৰাং ৰাষ্টীয় উদ্যানৰ বন প্ৰাধিকাৰী ৰমেশ্বৰ গগৈয়ে জনায় যে যিহেতু বাঘটো প্ৰাপ্তবয়স্ক আৰু গাঁওবাসীৰ শিল নিক্ষেপৰ ফলত কিছু আঘাতপাপ্ত হৈছে বুলি উল্লেখ কৰে ৷ ইপিনে বয়সৰ বাবে এটা চকুত চামনি পৰাত প্ৰয়োজনীয় চিকিৎসাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয় বাঘটোক ৷ আনহাতে বাঘটোৱে পুনৰ বন্যজন্তুৰ মুখামুখি হোৱাৰ ক্ষমতা হেৰুৱাইছে বুলি কয় গগৈয়ে ৷