অসম

assam

ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মালৈ দক্ষ অভিনেতাৰ আখ্যা !!

তেজপুৰত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্তক এজন ভাল অভিনেতাৰ আখ্যা দিয়াৰ লগতে প্ৰধানমন্ত্ৰীৰ চকীদাৰ উপনামকো তীব্ৰভাৱে সমালোচনা কৰে ।

By

Published : Apr 6, 2019, 9:18 PM IST

তেজপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ৰিপুণ বৰা

ঢেকীয়াজুলি, ৬ এপ্ৰিল: মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা এজন ভাল অভিনেতা । অভিনয় কৰি কৰি হিমন্তই জনসাধৰণক বিভ্ৰান্তত পেলাই । তেজপুৰত প্ৰাৰ্থীত্ব নাপাই হিমন্ত ভীতিগ্ৰস্ত হৈছে,যাৰ বাবে হিমন্ত তেজপুৰলৈ বাৰ-বাৰ আহিছে । এই মন্তব্য কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ । শনিবাৰে তেজপুৰৰ ঢেকীয়াজুলিৰ বৰচলাত অনুস্থিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । বৰাই ঠেলামৰা ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম.জি.ভি.কে. ভানুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেই তেজপুৰত উপস্থিত হয় । সভাত উপস্থিত হৈ হিমন্তৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছৰ সভাপতিগৰাকী । হিমন্ত বিশ্ব শৰ্মা এজন ভাল অভিনেতা বুলি উল্লেখ কৰাৰ লগতে হিমন্ত বাহিনীৰ তেজপুৰত পৰাজয় নিশ্চিত বুলিও মন্তব্য কৰে । ইফালে, তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে ভানুক বুঢ়া গৰু বুলি কোৱা প্ৰসংগত বৰাই পল্লৱ লোচনক প্ৰশ্ন কৰে ৬০ বছৰীয়া ভানু যদি বুঢ়া গৰু হয় তেন্তে দেশৰ প্ৰধানমন্ত্ৰীক কি গৰু বুলি ক'ব! লগতে, ৰঞ্জিত দত্তই ভানুৰ চেহেৰা ভিলেইনৰ দৰে কোৱা মন্তব্যকো তীব্ৰভাৱে সমালোচনা কৰে বৰাই ।

তেজপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ৰিপুণ বৰা

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চকীদাৰ নাম লোৱা প্ৰসংগতো বৰাই তীব্ৰ ভাৱে গৰিহণা দি কয় "মোদীৰ এই চকীদাৰী উপনামৰ বাবেই অন্যান্য ৰাষ্ট্ৰই ভাৰতৰ জনসাধাৰণৰ চুৰ বুলি আখ্যা দিছে । আনকি শাসকীয় দলেহে EVM মেচিন মেনেজ কৰিব জানে বুলি উল্লেখ কৰি কংগ্ৰেছৰ ইয়াত কোনো হাত নাথাকে বুলি উল্লেখ কৰে কংগ্ৰছৰ সভাপতিগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details