অসম

assam

By

Published : Oct 17, 2019, 7:20 PM IST

ETV Bharat / city

বিশ্বনাথত অন্ধবিশ্বাসৰ চাঞ্চল্যকৰ ঘটনা

অসমত পুনৰ অন্ধবিশ্বাসৰ ঘটনা । গহপুৰত চাঞ্চল্যৰ সৃষ্টি ।

বিশ্বনাথত অন্ধবিশ্বাসৰ চাঞ্চল্যকৰ ঘটনা

বিশ্বনাথ,17 অক্টোবৰ:বিশ্বনাথ জিলাৰ গহপুৰত এগৰাকী পিতৃয়ে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজ পুত্ৰক বলি দিবলৈ অপ্ৰচেষ্টা কৰা ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গহপুৰ মহকুমাৰ যোগিবাৰী গাঁৱৰ প্ৰদীপ গোৱালা নামৰ এজন ব্যক্তিয়ে বুধবাৰে নিজ সন্তানক পূজাৰ নামত বলি দিবলৈ চেষ্টা কৰে ৷

এই শিহৰণকাৰী ঘটনা স্থানীয় একাংশ লোকে জানিব পাৰি গহপুৰ আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত গহপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ প্ৰদীপ গোৱালা নামৰ ব্যক্তিজনক আটক কৰে । অন্ধবিশ্বাসৰ এই ঘটনাটোৱে সমগ্র গহপুৰতে চেপা উত্তেজনা সৃষ্টি কৰিছে ।

গহপুৰত পিতৃৰ নিজ পুত্ৰক বলি দিয়াৰ চেষ্টা ৷

ABOUT THE AUTHOR

...view details