তেজপুৰ,1 মাৰ্চ:অহা 27 মাৰ্চ, 1এপ্ৰিল আৰু 6 এপ্ৰিলত তিনিটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ সমান্তৰালভাৱে 15 টাকৈ বছৰ ৰাজ্য শাসন কৰাৰ অন্তত 2016 ত শাসনৰ বাঘজৰী হেৰুওৱা কংগ্ৰেছ দলেও কঁকালত টঙালি বান্ধি সাজু হৈছে নিৰ্বাচনী ৰণলৈ ৷ কংগ্ৰেছৰ খহি যোৱা ভেটি পুনৰুদ্ধাৰ তথা সবল আৰু সুদৃঢ় কৰিবলৈকে খুদ নিজেই অসমৰ মাটিত ভৰি দিলেহি কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৷ উত্তৰ প্ৰদেশৰ বাহিৰে দেশৰ আন ৰাজ্যত নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ অসম ভ্ৰমণে বাৰুকৈয়ে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত যথেষ্ট তাৎপৰ্য বহণ কৰিছে ৷
দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ে সোমবাৰে লখিমপুৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙলবাৰে বিশ্বনাথ আৰু তেজপুৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ ইপিনে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে শক্তিপীঠ মা কামাখ্যা মন্দিৰত সেৱা জনাই ৰণডংকা বজাই নিৰ্বাচনৰ ৷ লখিমপুৰত এখন চাহ বাগিচাত উপস্থিত হৈ চাহ জনজাতীয় যুৱতীৰ সৈতে ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ অসমত এইবাৰ পুনৰ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি এখন ৰাজহুৱা সভাত নিজৰ ভাষণত উল্লেখ কৰি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই তীব্ৰ সমালোচনা কৰে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক ৷ অসমত নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ধৰণৰ চেষ্টা নকৰিলে বুলি মন্তব্য কৰি আকাশলংঘী মূল্যবৃদ্ধিয়ে অসমক জুৰুলা কৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷