তেজপুৰ, ৯ আগষ্ট: অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী (ULFA NSCN ambush in Changlang) ৷ পুৱতি নিশা সংঘটিত এই সংঘৰ্ষত অসম ৰাইফলছৰ এজন JCO সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা তথ্য সদৰী কৰে ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা বিভাগে । সেনাৰ প্ৰতিৰক্ষা বিভাগৰ তেজপুৰস্থিত মুখপাত্ৰ লেঃ কৰ্ণেল এ এছ ৱালিয়াই কয় যে, ভাৰত ম্যানমাৰ সীমান্তত ULFA-I আৰু NSCN ৰ গোটে অসম ৰাইফালছৰ এটা দলৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে ৷ সেনাৰ ফালৰ পৰাও ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰা হয় ।
ৱালিয়াই জনায় যে, আহত জোৱানজনক ইতিমধ্যে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । স্বাধীনতা দিৱস উদযাপনৰ প্ৰকমূহুৰ্তত এইবাৰ দুই উগ্ৰপন্থী গোটে স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ দিয়াৰ সময়তে আজি পুৱতি নিশা এই ঘটনা সংঘটিত হয় । এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে ১৯ নং অসম ৰাইফলছৰ এই দলটো ম্যানমাৰ সীমান্তত মোতায়েন কৰা হৈছিল ৷