তেজপুৰ, 31 ডিচেম্বৰ : নকল সোণৰ ব্যৱসায় কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ বগলীয়াৰ আব্দুল হুছেইন নামৰ এজন লোক ৷ তেজপুৰ সদৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰাঞ্জল শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে তেজপুৰৰ হিমালয় হোটেলৰ পৰা আব্দুলক আটক কৰে ৷ 3 হাজাৰ টকাত এক কেজি সোণ ক্ৰয় কৰি 2 লাখ টকাত বিক্ৰী কৰাৰ উদ্দেশ্যে তেজপুৰত আহি উপস্থিত হৈছিল আব্দুল ৷
নকল সোণ বেচিবলৈ গৈ ৰঙা ঘৰৰ আলহী এজন - TEZPUR UNIVERSITY
নকল সোণৰ ব্যৱসায় কৰি আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ যুৱক ৷ তেজপুৰৰ হিমালয় হোটেলৰ পৰা যুৱকজনক আটক কৰা হয় ৷
নকল সোণৰ ব্যৱসায়
উল্লেখ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ত গৃহ নিৰ্মাণৰ সময়ত গাঁত খান্দোতে সোণ পোৱা বুলি একাংশ প্ৰৱঞ্চকৰ দলে অসমৰ লগতে অৰুণাচল প্ৰদেশ,নাগালেণ্ড,মণিপুৰ আৰু মিজোৰামৰ বহু লোকক প্ৰৱঞ্চনা কৰি সোণ বিক্ৰী কৰিছিল ৷ এনেদৰে ব্যৱসায় কৰি একাংশ লোক আৰক্ষীৰ জালত পৰিছে যদিও তেজপুৰৰ নপামত বৰ্তমানেও নকল সোণৰ ৰমৰমীয়া বেহা চলি আছে ৷
আৰু পঢ়ক : 2019 বৰ্ষৰ টেষ্টৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী মাৰ্নাছ লাবুছেইন