অসম

assam

By

Published : Nov 8, 2021, 10:01 PM IST

ETV Bharat / city

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ সংযোজন হ’ল মোনাবাৰী এলেকা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সম্প্ৰসাৰণৰ ১০ টা সংযোজন হ’ল । মোনাবাৰী এলেকাক নতুনকৈ সংযোজন কৰা হৈছে ৷

kaziranga national park
kaziranga national park

তেজপুৰ, ৮ নৱেম্বৰ : এতিয়াৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সম্প্ৰসাৰণৰ ১০ টা সংযোজন হ’ল । পূৰ্বে ২০২০ চনত ৯ টা সংযোজন আছিল আৰু এতিয়া পুনৰ আৰু এটা সংযোগ কৰা হ’ল ৷ সেয়া হৈছে নতুনকৈ সামৰি লোৱা মোনাবাৰী Soil Conservation এলেকা ।

মুঠ 452 হেক্টৰ এলেকা সামৰি লোৱা হৈছে এই অঞ্চলৰ । এই তথ্য সদৰী কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্ৰধান পি শিৱ কুমাৰে । তেওঁ জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বন আৰু পৰিবেশ সংৰক্ষণৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এতিয়াৰ পৰা মোনাবাৰী এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিলে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পূৰ্বে 430 হেক্টৰ ভূমিৰ অধীনত আছিল । বিশ্বনাথ, নগাঁও, লাওখোৱাকে সামৰি মুঠ ৯ টা সংযোজন কাজিৰঙাৰ অন্তৰ্ভুক্ত হৈছিল । বৰ্তমান নতুনকৈ সংযোজন ঘোষণা কৰা হ’ল বিশ্বনাথ আৰু বিহালি সমষ্টিৰ অন্তৰ্গত বৃহৎ মোনাবাৰী অঞ্চল । ২০২০ চনত শোণিতপুৰ জিলাৰ অন্তৰ্গত সোঁত মকোৱা চাপৰি এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত লোৱা হৈছিল ।

উল্লেখযোগ্য যে, চলিত বৰ্ষত বৰ্তমানলৈকে 18,404 দেশীয় পৰ্যটক আৰু 28 গৰাকী বিদেশী পৰ্যটকৰ পদাৰ্পন হৈছে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ।

লগতে পঢ়ক :জনস্বাস্থ্যৰ ভঁৰালত আমোলা-বিষয়াৰ লুট; বিতৰ্কিত ঠিকাদাৰ নৃপেন দাসক সুৰক্ষা দিয়াৰ গুৰুতৰ অভিযোগ

ABOUT THE AUTHOR

...view details