তেজপুৰ, 6 জুনঃ সোমবাৰৰ পৰা নিখোজ হৈ থকা ভাৰতীয় বায়ু সেনা বাহিনীৰ জাহাজ AN 32 সন্দৰ্ভত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কিছু তথ্য লাভ কৰিছে ৷ ইছৰোৰ ক্ৰিছাট আৰু ৰিছাট উপগ্ৰহৰ সহযোগত নৌসেনাৰ P 8l বিমানেৰে চলোৱা অভিযানৰ সময়তে চিয়াঙৰ এক দূৰ্গম স্থানত বিশেষ সন্ধান লাভ কৰিছে আৰু ঘটনাস্থলীত বৰ্তমানে বায়ু সেনাৰ দুখন ছুখই SU-30 MKI যুদ্ধবিমানৰ লগতে এখন C-130J বিমানে অভিযান আৰম্ভ কৰিছে ৷
অধিক খবৰৰ বাবে পঢ়কঃ ক'ত হেৰাল বায়ুসেনাৰ AN 32ৰ বিমান ?
আনহাতে নিৰুদ্দিষ্ট বিমানখনত থকা এগৰাকী বায়ু সেনাৰ পৰিয়ালৰ লোকে টুইটযোগে প্ৰধানমন্ত্ৰীলৈ অনুৰোধ জনাইছে ৷ টুইটটোত সুশীল চোলাংকি নামৰ এজন লোকে প্ৰয়োজনত আমেৰিকা আৰু চীনৰ সহায় ল'বলৈও অনুৰোধ জনাইছে ৷ আনহাতেবিমান খনৰ পাইলট আশিষ টানোৱাৰৰ পৰিয়ালৰ লোক হাৰিয়ানাৰ গুৰগাওঁৰ পৰা যোৰহাটলৈ বুলি ৰাওনা হোৱাৰ কথা জানিব পৰা গৈছে ৷
উল্লেখ্য যে, আশিষ টানৱাৰৰ পত্নী সন্ধ্যা টানৱাৰো যোৰহাট বায়ু সেনা ছাউনীত কৰ্মৰত আৰু সন্ধানহীন বিমানখনে উৰা মৰাৰ সময়ত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা স্বামী তথা মুখ্য পাইলট আশিষ টানৱাৰক সেউজ সংকেট প্ৰদান কৰিছিল সন্ধ্যা টানৱাৰে ৷ ইয়াৰ উপৰিও বিমানখনত থকা বায়ু সেনা বাহিনীৰ বিষয়া-জোৱান সকলৰ পৰিয়ালৰ লোক আহি যোৰহাটত উপস্থিত হৈছে ৷