তেজপুৰ, 8 নৱেম্বৰ : ভাৰতৰ ফ্ৰণ্টিয়াৰ ফৰ্চৰ 4/5 গোর্খা ৰাইফলছৰ এজন মহাবীৰ চক্ৰ বিজেতা অৱসৰপ্ৰাপ্ত সেনা জোৱান লেন্স হাবিলদাৰ দিল বাহাদুৰ ছেত্ৰী (ৰেংক নং 5442887P)ক ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানে 5 লাখ টকাৰ সেনাৰ কল্যাণৰ চেক প্ৰদান কৰে ৷
1959 চনৰ 21 আগষ্টত নেপালৰ মাততা ডং জিলাৰ গাৰ্তী গাওঁত ছেত্ৰীৰ জন্ম হৈছিল ৷ 1968 চনৰ 21 আগষ্টত তেওঁ ফ্ৰণ্টিয়াৰ ফৰ্চৰ ভাৰতীয় সেনাত যোগ দিছিল । ভাৰতীয় সেনাত অদম্য সাহসৰ পৰিচয় দাঙি ধৰা ছেত্ৰীৰ অৱদান অতুলনীয় আছিল । 1971 চনৰ পাকিস্তানৰ লগত হোৱা যুদ্ধত তেওঁৰ দল আছিল তেতিয়াৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ চিলেট জিলাত । সেই যুদ্ধত পাকিস্তানৰ এটা MMG পোষ্ট দখল কৰি 8 জনক তেঁওৰ খুকুৰীৰে আক্ৰমণ কৰি পৰাভূত কৰিছিল । তাৰ বাবে ভাৰতীয় সেনাৰ পৰা মহাবীৰ চক্ৰ সন্মান লাভ কৰিছিল ছেত্ৰীয়ে ।