তেজপুৰ, 4 অক্টোবৰ :বঙ্গোপসাগৰৰ উপকূলত ভাৰত আৰু বাংলাদেশৰ নৌ-সেনাৰ তিনিদিনীয়া অনুশীলনৰ শুভাৰম্ভ হয় শনিবাৰে বিয়লি উত্তৰ উপকূলত । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ vision of SAGAR (Security And Growth for All in the Region) শীৰ্ষক চিন্তাৰ ওপৰত নিৰ্ভৰ কৰি এই অনুশীলন অনুষ্ঠিত কৰা হৈছে ।
ভাৰতীয় নৌ-সেনা আৰু বাংলাদেশ নৌ-সেনাৰ মাজৰ পাৰস্পৰিক সামৰিক সম্পৰ্ক শক্তিশালী কৰিবলৈ 2019 চনত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ নৌ-সেনাই ভাগ লৈছিল এই অনুশীলনত ৷ আনহাতে শনিবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ এই অনুশীলন Surface Welfare Dril, Seamanshim Evolutions আৰু Helicopter Operationত ভাগ ল'ব দুয়োখন দেশৰ নৌ-সেনাই ৷ বঙ্গোপসাগৰৰ সাগৰীয় সীমাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় অঞ্চল(International Maritime Boundary Line)ত 5 অক্টোবৰলৈ এই অনুশীলন চলিব ৷ আনহাতে এই অনুশীলনৰ সমান্তৰালকৈ দুয়োখন দেশৰ নৌ-সেনাৰ CORPAT শীৰ্ষক অনুশীলনৰ তৃতীয় সংস্কৰণো 4 আৰু 5 অক্টোবৰত একেটা অঞ্চলতে চলিব বুলি নৌ-সেনাৰ মুখপাত্ৰই প্ৰকাশ কৰিছে ৷