অসম

assam

ETV Bharat / city

তেজপুৰত কৃষি বিভাগৰ বিৰুদ্ধে কিয় সৰৱ কৃষক ?

তেজপুৰত কৃষি বিভাগে (Agriculture Department) কৃষক ৰাইজৰ বাবে যোগান ধৰা উন্নত জাতৰ ৰঞ্জিৎ ধানৰ বীজত খেলিমেলি ৷ পোন্ধৰ দিনৰ আগতে সিঁচা ধানৰ বীজৰ পৰা নোলাল এটাও গজালি ৷

By

Published : Jun 30, 2021, 12:21 PM IST

farmers-protest-against-agriculture-department-in-tezpur
তেজপুৰত কৃষি বিভাগৰ বিৰুদ্ধে কিয় সৰৱ কৃষক সকল !

তেজপুৰ, 30 জুন : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সঘনাই দেশৰ কৃষক সকলক সকাহ দিয়াৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি গ্ৰহণ কৰিছে যদিও সেই আঁচনিসমূহৰ পৰা উপকৃত হোৱা নাই কৃষক ৰাইজ ৷ কাৰণ সেই আঁচনি সমূহৰ পৰা যোগান ধৰা ধানৰ বীজে হওক বা সাৰৰ ক্ষেত্ৰতে হওক কোনো সুফল পোৱা নাই কৃষক ৰাইজে ৷ ধান, ঘেঁহু, মাকৈকে আদি কৰি বিভিন্ন উন্নত প্ৰজাতিৰ বীজেৰে খেতিবাতি কৰিছিল যদিও চৰকাৰে যোগান ধৰা বীজৰ পৰা সুফল লাভ নকৰাৰ বাতৰি আমি বিভিন্ন বাতৰি কাকত তথা সংবাদ মাধ্যমযোগে জানিবলৈ পাই আহিছো ৷

তেনে এটা ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলা (Sonitpur District)ৰ তেজপুৰৰ পৰ্বতীয়াৰ শিলৰ সাকো পথাৰত ৷ অন্যান্য জিলা সমূহৰ দৰে শোণিতপুৰ জিলাতো অসম চৰকাৰৰ কৃষি বিভাগে (Agriculture Department) যোগান ধৰিছিল শালি ধানৰ উন্নত জাতৰ ৰঞ্জিৎ ধানৰ বীজ ৷ কিন্তু চৰকাৰৰ কৃষি বিভাগৰ পৰা লাভ কৰা ৰঞ্জিৎ ধানৰ বীজৰ এটা ধানৰো গজালিয়েই নেমেলিলে বুলি অভিযোগ তুলিছে কৃষক ৰাইজে ।

তেজপুৰত কৃষি বিভাগৰ বিৰুদ্ধে কিয় সৰৱ কৃষক সকল !

কৃষক ৰাইজে শালি ধান খেতিৰ বাবে বিঘাই বিঘাই চৰকাৰীভাৱে পোৱা ৰঞ্জিৎ ধানৰ কঠিয়া সিঁচিছিল যদিও এতিয়া মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক ৰাইজে ৷ কাৰণ এতিয়া কঠিয়া সিঁচিবলৈ সময় নাই ৷

শালি ধান খেতিৰবাবে কঠিয়া পৰা উন্নত সময় হৈছে জেঠ মাহৰ পৰা আহাৰ মাহৰ 15 দিনৰ ভিতৰতে কঠিয়া সিঁচিব লাগে ৷ কিন্তু দীৰ্ঘদিন ওকলি যোৱাৰ পিচতো পানীত তিয়াই থোৱাৰ ধানৰ পৰা নোলাল এটাও গজালি । পোন্ধৰ দিনৰ আগতে সিচা ধান ধানেই হৈ আছে পথাৰত । বাৰিষা শালি ধান খেতিৰ বাবে সাজু কৰিছিল যদিও উক্ত ঘটনাটোৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ।

এফালে ক'ৰণাৰ সংহাৰ আনফালে মূল্যবৃদ্ধি অথবা উৎপাদিত শস্য বিক্ৰী কৰিবলৈ নোৱাৰাত পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে কৃষক সকলৰ । এতিয়া ভূতৰ ওপৰত দানহ পৰাৰ দৰে কৃষি বিভাগৰ এই প্ৰতাৰণাই ক্ষোভিত কৰিছে কৃষকক । কৃষি বিভাগৰ এনে দায়িত্বহীন কৰ্মকাণ্ডৰ বিৰুদ্ধে কৃষি মন্ত্ৰী অতুল বৰা (Agriculture Minister)ৰ লগতে জিলা প্ৰশাসনক উচিত তদন্ত কৰিবলৈ দাবী কৰিছে ৰাইজে । ইফালে কৃষক ৰাইজৰ উপকৃত হোৱাকৈ তৎকালিনভাৱে উচিত ব্যৱস্থা এটা কৰিবলৈ কৃষি বিভাগক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক-মৰিগাঁৱত মঙলবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত 18 টা শিশু

ABOUT THE AUTHOR

...view details