তেজপুৰ, 19 জানুৱাৰী : প্ৰথমবাৰৰ বাবে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন কৰা হৈছে দল হৰিণৰ গণনা (Eastern Swamp Deer census in Kaziranga) ৷ 10 জানুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানত আৰু 11 জানুৱাৰীত ব্ৰাঘ্য প্ৰকল্পসমূহত দল হৰিণৰ গণনা কৰা হয় । ইয়াৰ আগতে, সমগ্ৰ গণনা প্ৰক্ৰিয়াটো কৰা হৈছিল কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত (Eastern swamp deer in Kaziranga National park) । এইবাৰৰ মুঠ গণনা পদ্ধতিত 868 টা দল হৰিণ পোৱা গৈছে ৷ ইয়াৰে 173 টা মতা, 557 জনী মাইকী আৰু 138 বয়সস্থ বুলি জানিব পৰা গৈছে ।
অৱশ্যে 2018 চনৰ গণনাত কৈ এইবাৰ তুলনামূলকভাৱে দল হৰিণৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে (Eastern swamp deer population decreases in Kaziranga)৷ ২০১৮ চনৰ গণনাত ৯০৭ টা দল হৰিণ পোৱা গৈছিল । এই হ্ৰাসৰ মূল কাৰণ হৈছে মধ্যৱৰ্তী সময়ত 2019 আৰু 2020 বৰ্ষত অহা দুটাকৈ প্ৰলয়ংকৰী বান । অঞ্চল অনুসৰি পূৱ অসম বিভাগৰ অধীনত 786 টা, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত 62 টা, নগাঁও বন্যপ্ৰাণী বিভাগৰ অধীনত 20 টা হৰিণ পোৱা গৈছে ৷