তেজপুৰ, ৪ জানুৱাৰী :এতিয়াও নিৰ্বাপন হোৱা নাই নাগালেণ্ডৰ জুক' ভেলীৰ বন জুই ৷ বিগত ৫ দিন ধৰি এই জুইয়ে নিঃশেষ কৰিছে সেউজীয়াৰে পূৰ্ণ সমগ্ৰ উপত্যকাটো । জুই নিৰ্বাপনৰ বাবে এনডিআৰএফৰ 7টা দল আৰু স্থলসেনা, অসম ৰাইফলছ আৰু স্থানীয় আৰক্ষীৰ লগতে বায়ুসেনাৰ দল নিয়োগ কৰা হৈছে ৷ সোমবাৰে পুনৰ বায়ুসেনাই হেলিকপ্টাৰ যোগে অগ্নি নিৰ্বাপনৰ বাবে প্ৰচেষ্টা চলায় ৷
ইতিমধ্যে ৰবিবাৰৰ দিনটোত স্থলসেনা আৰু বায়ুসেনাৰ শীৰ্ষ বিষয়াই নাগালেণ্ড চৰকাৰৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই আলোচনাত এনডিআৰএফৰ সৈতে স্থলসেনা, বায়ুসেনা আৰু অসম ৰাইফলছে কিদৰে অগ্নি নিৰ্বাপনৰ বাবে আগবাঢ়িব সেই বিষয়ে বাৰ্তালাপ কৰে বুলি জনায় প্ৰতিৰক্ষা মুখপাত্ৰ ইষ্টাৰ্ণ কামাণ্ডৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ।
ইতিমধ্যে অগ্নিনিৰ্বাপনৰ বাবে বায়ুসেনাই Mi 17 V5 হেলিকপ্টাৰ ব্যৱহাৰ কৰি আছে । ডিমাপুৰ ৰঙাগড়া সেনাবাহিনীৰ শিবিৰৰ পৰা ৩০ কিলোমিটাৰ নিলগত Mi 17 V5 হেলিকপ্টাৰ জৰিয়তে বাম্মি বাকেটৰ সহায়ত অগ্নি নিৰ্বাপনৰ চেষ্টা চলাইছে বায়ুসেনাই । আনহাতে এনডিআৰএফৰ এক বৃহৎ দল যোৱা তিনিদিন ধৰি উক্ত অঞ্চলত বাহৰ পাতি আছে । বাম্বি বাকেটত বায়ুসেনাই এবাৰত 3500 লিটাৰ পানী কঢ়িয়াই নিব পাৰে আৰু ইয়াৰ বাবে তিনিখন হেলিকপ্টাৰ প্ৰয়োগ কৰিছে ।