অসম

assam

ETV Bharat / city

শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে - অসমত সেনাৰ অভিযান বন্ধ

অৱশেষত অসমৰ পৰা অতিৰিক্ত সেনা কৰ্তন কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ ৷ শেহতীয়াকৈ অসমৰ অন্যতম বিদ্ৰোহী সংগঠন এনডিএফবিৰ এটা গোটে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ পিচতেই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

Central govt likely to withdraw Army from Assam
শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে

By

Published : Jan 20, 2020, 8:20 PM IST

তেজপুৰ, ২০ জানুৱাৰীঃঅসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অতিৰিক্ত সেনাবাহিনীসমূহ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ 1990 চনৰ নৱেম্বৰ মাহৰ পৰা অসমত আৰম্ভ হোৱা বিদ্ৰোহী বিৰোধী অভিযানৰ অংশস্বৰূপে অসমলৈ অনা সেনাৰ অতিৰিক্ত বাহিনীসমূহ শীঘ্ৰেই কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পৰিৱৰ্তে বিদ্ৰোহী বিৰোধী অভিযানত নিয়োজিত কৰা হ'ব কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধসামৰিক বাহিনীসমূহক ৷

শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে

শেহতীয়াকৈ এনডিএফবিৰ চাওৰাইগৌৰা গোটৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তিৰ অন্তত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে ৷ অৱশ্যে এনডিএফবিৰ বি বিদাইৰ নেতৃত্বাধীন গোটে এতিয়াও কোনো চুক্তিলৈ অহা নাই ৷ আনহাতে সংযুক্ত মুক্তি বাহিনী অসম, আলফাই পৰেশ বৰুৱাৰ নেতৃত্বত এতিয়াও এক শক্তিশালী স্থিতিত অৱস্থান কৰি আছে ৷ ইফালে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএনৰ সৈতে হোৱা শান্তি আলোচনা ফলপ্ৰসূ হৈছে বুলি মত প্ৰকাশ কৰিছে বৰ্তমান নাগালেণ্ডৰ ৰাজ্যপাল তথা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ৷

চিআৰপিএফ বাহিনী
ভাৰতীয় স্থলসেনা

অৱশ্যে বড়োসকলৰ বিদ্ৰোহী সংগঠন এনডিএফবিৰ চাওৰাইগৌৰা গোটে এইদৰে আলোচনালৈ উভটি অহাক লৈ কেন্দ্ৰীয় চৰকাৰে আশাবাদী হৈছে ৷ কিন্তু সংগঠনটোৰ সৈতে শান্তি আলোচনা কিদৰে আগবাঢ়ে সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ আনহাতে কেন্দ্ৰই সেনা কৰ্তন কৰিলেও অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব বিদ্ৰোহী বিৰোধী অভিযান ৷ এতিয়াৰে পৰাই বিদ্ৰোহী বিৰোধী অভিযানত সেনাৰ পৰিৱৰ্তে নিয়োগ কৰা হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ সশস্ত্ৰ সংৰক্ষিত অৰ্ধসামৰিক বাহিনীসমূহক ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details