অসম

assam

ETV Bharat / city

বৰচলা সমষ্টিত সংখ্যালঘু অধ্যুষিত চৰ অঞ্চলত বিজেপিৰ প্ৰচাৰ - প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

শোণিতপুৰ জিলাৰ বৰচলা বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 165754 গৰাকী ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'বলৈ মাত্ৰ এটা দিন ৷ সমষ্টিৰ ভোটাৰ ৰাইজে জনাদেশ দিব বিগত সময়চোৱাত সমষ্টিৰ উন্নয়নৰ ওপৰত ।

বৰচলা সমষ্টিত সংখ্যালঘু অধ্যুষিত চৰ অঞ্চলত বিজেপিৰ প্ৰচাৰ
বৰচলা সমষ্টিত সংখ্যালঘু অধ্যুষিত চৰ অঞ্চলত বিজেপিৰ প্ৰচাৰ

By

Published : Mar 24, 2021, 9:30 AM IST

তেজপুৰ, 24 মাৰ্চ :নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত প্ৰচাৰ অভিযানো তুংগত উঠিছে ৷ বিভিন্ন দলে আকাশ মাৰ্গ, গাড়ী অথবা খোজেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ শোণিতপুৰ জিলাৰ বৰচলা বিধান সভা সমষ্টিৰ চাহ বাগিচা তথা জনগোষ্ঠীৰ ভোট প্ৰায় 40 হাজাৰ আৰু এই ভোটাৰে প্ৰতিটো নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা পালন কৰে ।

বৰচলা সমষ্টিত সংখ্যালঘু অধ্যুষিত চৰ অঞ্চলত বিজেপিৰ প্ৰচাৰ

এইবাৰ বিধায়ক গণেশ লিম্বুয়ে চৰ চাপৰিত নিৰ্বাচনী প্ৰচাৰৰ এক বিশেষ পদক্ষেপ লোৱা দেখা গৈছে ৷ যদিও বিগত সময়চোৱাত পথ সম্পূৰ্ণকৈ নিৰ্মাণ নকৰিলেও গুৰুত্বপূৰ্ণ এখন দলং নিৰ্মাণ কৰি ভোটাৰৰ মাজত ভোট বিচাৰিছে ৷

বৰচলা সমষ্টিত সংখ্যালঘু অধ্যুষিত চৰ অঞ্চলত বিজেপিৰ প্ৰচাৰ

উল্লেখযোগ্য যে, চৰ অঞ্চলত সংখ্যালঘু কোষ গঠন কৰি এই লোকসকলৰ সমৰ্থন আদায়ৰ চেষ্টা কৰা বিজেপি দলক দেখা গৈছে । লিম্বুৰ মতে, তেওঁ সমষ্টিত উন্নয়ন বহু কৰিবলগীয়া আছে সেইয়া মাত্ৰ পাঁচ বছৰতে কৰি সমাপ্ত কৰা সম্ভৱ নহয় । যদি এইবাৰ ৰাইজে পুনৰ সুযোগ দিয়ে বৰচলা সমষ্টি অসমৰ এক অন্যতম সমষ্টিলৈ পৰিণত কৰিবলৈ চেষ্টা কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক :দেশজুৰি ঘোষণা কৰা লকডাউনৰ এটা বছৰ

ABOUT THE AUTHOR

...view details