অসম

assam

ETV Bharat / city

ৰঙাপৰাত বেংক কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত

ৰঙাপৰাত দিনকদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ'ণাত আক্ৰান্ত হৈ ৰঙাপৰাৰ দুগৰাকী ব্যক্তিৰ মৃত্যু ৷

By

Published : May 11, 2021, 10:43 PM IST

ৰঙাপৰাত বেংক কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত
ৰঙাপৰাত বেংক কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত

ৰঙাপৰা,11 মে': ৰঙাপৰাত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা । বৰ্তমানলৈ ক’ভিডত এশৰো অধিক আক্ৰান্ত হোৱাৰ বিপৰীতে ৰঙাপৰাৰ 1 নং ৱাৰ্ডৰ কৈলাস চাহ আৰু 1 নং নামনিগাঁৱৰ বাবুল ঘোষৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

ৰাজ্যখনত উদ্বেগজনকভাৱে কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়ত ৰঙাপৰাৰ এটা বেংকৰ কৰ্মচাৰীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাত কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে সম্প্ৰতি বেংকটোৰ সকলো লেনদেন বন্ধ ৰখা বুলি জানিব পৰা গৈছে । ইতিমধ্যে ৰঙাপৰা ষ্টেট বেংকৰ আন আন কৰ্মচাৰীসকলে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত স্বাস্থ্য পৰীক্ষা কৰিছে ৷ কৰ্মচাৰীসকলৰ ফলাফল লাভৰ পাছতহে পুনৰ বেংকৰ কাম চলিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ডিব্ৰুগড়ৰ টাউন ৰে’ল ষ্টেচনত ক'ভিড আইচ’লেছন কেন্দ্ৰ স্থাপন

ABOUT THE AUTHOR

...view details