তেজপুৰ, 20 ছেপ্টেম্বৰ :মানৱীয় কৰ্মসূচীৰ অধীনত ভাৰতীয় স্থলসেনাই স্থলসেনাৰ কেন্দ্ৰীয় নিৰায়ম পূঁজিৰ অধীনত অসমৰ এগৰাকী শ্বহীদ জোৱানৰ পৰিয়াললৈ আগবঢ়াইছে 5লাখ টকাৰ এককালীন সাহাৰ্য্য ৷ দেশৰ উত্তৰ সীমান্তত কৰ্মৰত অৱস্থাত 20 বছৰ পূৰ্বে শ্বহীদ হৈছিল আছাম ৰেজিমেন্টত কৰ্মৰত দৰং জিলাৰ মঙলদৈৰ বাসিন্দা চুবেদাৰ গান্ধী ৰাম ৰাজবংশী ৷ 2008 চনৰ 18 ডিচেম্বৰত দায়িত্ব পালন কৰি থকাৰ সময়তে দেশৰ বাবে শ্বহীদ হৈছিল চুবেদাৰ ৰাজবংশী ৷ মৃত্যুৰ সময়ত চুবেদাৰ ৰাজবংশীয়ে পত্নী পবিত্ৰী ৰাজবংশীকে ধৰি এগৰাকী 15 বছৰীয়া জীয়াৰী আৰু এটি এবছৰীয়া শিশু সন্তানক এৰি থৈ গৈছিল ৷
লগতে পঢ়ক :ৰঙাপৰাত সামাজিক সচেতনতাৰ বাৰ্তাৰে বিশেষ কলা যাত্ৰা
এনে অৱস্থাত বীৰ নাৰী পবিত্ৰী ৰাজবংশীয়ে তেওঁৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অধিক দুৰৱস্থাৰ সন্মুখীন হয় যদিও তেওঁলোকক সু-শিক্ষাৰে শিক্ষিত কৰি তোলে ৷ 2011 চনত তেওঁৰ জীয়াৰী গীতাঞ্জলীৰ বিবাহ সম্পন্ন হয় ৷ কিন্তু 2018ত আন এক ভয়ংকৰ অঘটনৰ সন্মুখীন হয় পবিত্ৰী ৰাজবংশী ৷ 2018ৰ জুন মাহত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয় পুত্ৰ গগণ ৰাজবংশী ৷ মুখত বেয়াকৈ আঘাতপ্ৰাপ্ত গগণৰ কেবাটাও অস্ত্ৰোপচাৰ সম্পন্ন হয় ৷ পুত্ৰৰ চিকিৎসাত প্ৰায় 12 লাখ টকা ব্যয় হয় বীৰ নাৰী পবিত্ৰী ৰাজবংশীৰ ৷ এনে অৱস্থাত পৰিয়ালটোৱে প্ৰাক্তন সৈনিকৰ বাবে থকা চিকিৎসা আচঁনিৰ অধীনত সহায় বিচাৰে যদিও তেওঁলোকৰ নাম এই আচঁনিত পঞ্জীয়ন নোহোৱাৰ বাবে বিত্তীয় সহায় লাভৰ পৰা পৰিয়ালটো বঞ্চিত হয় ৷