অসম

assam

ETV Bharat / city

ধ্বংসৰ গৰাহত কোটিটকীয়া জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতি - ধ্বংশৰ গৰাহত কোটিটকীয়া জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতি

ভূত বাংলালৈ পৰ্যবেসিত জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতি । ব্যৱহাৰৰ অভাৱত পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে প্ৰকল্পটো ৷ ২০০৮ চনৰ পৰা সম্পূৰ্ণভাৱে বন্ধ হৈ থকা এই প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰি নিবনুৱা সমস্যা সমাধান কৰিবলৈ অঞ্চলটোৰ ৰাইজৰ লগতে কেইবাটাও দল-সংগঠনে দাবী জনাইছে ৷

unusable handloom taxtile industry
ভূত-বাংলালৈ পৰ্যবেসিত জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতি

By

Published : Aug 9, 2021, 11:52 AM IST

আমগুৰি, 9 আগষ্ট : শিৱসাগৰৰ জাঁজী ফুলপানীছিগাত ভূত বাংলালৈ পৰ্যবেসিত হৈছে কোটিটকীয়া এক প্ৰকল্প । মহিলাৰ স্বাৱলম্বিতা, আত্মনিৰ্ভৰশীলতা আৰু বোৱা-কটাৰ ক্ষেত্ৰত পাৰ্গত কৰি তুলিবলৈ ষাঠিৰ দশকতে নিৰ্মাণ কৰা হৈছিল জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতিৰ অধীনষ্ঠ কাৰ্যালয়টো ।

সম্প্ৰতি হাবি-জংঘলেৰে বেৰি ধৰি ভূত বাংলালৈ ৰূপান্তৰিত হৈছে শিৱসাগৰ জিলাৰ জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতিখন ৷ ১৯৬২ চনতে ১৬ বিঘা মাটিকালি সামৰি ৩৭ নংৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰতিষ্ঠা হৈছিল বোৱা-কটা সমবায় সমিতি প্ৰকল্পটো ।

সকলো দিশতে সুবিধা হোৱাকৈ বিশেষকৈ শিপিনী থাকিবৰ কাৰণে ১৬ টাকৈ আৱাসগৃহ, এটি প্ৰশিক্ষণ কেন্দ্ৰ, উৎপাদিত সামগ্ৰী বিক্ৰী কেন্দ্ৰ স্থাপন কৰি বৃহৎ পৰিকল্পনাৰে আৰম্ভ কৰা হৈছিল প্ৰকল্পটো । প্ৰথমাৱস্থাত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শিপিনী আহি প্ৰশিক্ষণ গ্ৰহণ কৰি আৱাসত থাকি সুন্দৰকৈ পৰিচালিত হৈছিল ।

ধ্বংশৰ গৰাহত কোটিটকীয়া প্ৰকল্প

পূৰ্বতে প্ৰকল্পটো পৰিচালনা কৰিবৰ কাৰণে পৰিচালনা সমিতি গঠন কৰি উৎপাদিত সামগ্ৰী বিক্ৰী কৰি পৰিচালিত হৈ আহিছিল ৷ কিন্তু সময়ৰ সোঁতত আৰু চৰকাৰী তথা সংশ্লিষ্ট বিভাগৰ অমনোযোগিতাৰ ফলত বোৱা-কটা সমবায় সমিতিখন ২০০৮ চনৰ পৰা সম্পূৰ্ণভাৱে বন্ধ হৈ আছে ৷

লগতে পঢ়ক:ডিব্ৰুগড়ৰ বান বিধ্বস্ত অঞ্চলৰ এজন যুৱকৰ বিশ্বমুখী যাত্ৰা

বোৱা-কটা সমবায় সমিতিৰ মূল প্ৰশিক্ষণ কেন্দ্ৰটো সম্পূৰ্ণভাৱে হাবি-জংঘলেৰে বেৰি ধৰাত তাঁতশাল, যঁতৰ, মাকোকে ধৰি অন্যান্য সামগ্ৰীবিলাক জহি-খহি যাবলৈ আৰম্ভ কৰিছে । কোটি টকীয়া প্ৰকল্পৰ এনে অৱস্থাই এতিয়া চকু কপালত তুলিছে স্থানীয় ৰাইজৰ ৷ এই কেন্দ্ৰটোত নামত আছে এজন চকীদাৰ ৷ কিন্তু সমবায় সমিতিখন বন্ধ হৈ থকাত দৰমহা লাভ কৰা নাই চকীদাৰজনে । ফলত দিন-হাজিৰা কৰি কৰ্মচাৰীজনে পৰিয়াল পোহপাল দিবলগীয়া হৈছে ।

ভূত-বাংলালৈ পৰ্যবেসিত জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতি

বৰ্তমান সময়ত চৰকাৰে মহিলা আৰু শিপিনীসকলক আত্মনিৰ্ভৰ কৰিবলৈ থলুৱা শিপিনীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ঠিক তেনে সময়তে জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতি ভূত বাংলালৈ পৰ্যবেসিত হোৱা কাৰ্যই তাৎপৰ্য বহন কৰিছে । স্থানীয় ৰাইজ আৰু জাতীয় সংগঠনে বোৱা-কটা সমবায় সমিতিখন পুনৰ কাৰ্যক্ষম কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:ধোঁৱাচাঙত জাঁজীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details