অসম

assam

ETV Bharat / city

শিৱসাগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - price hike

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ ৷ আজমলৰ ভয় দেখুৱাই অসমৰ সহজ সৰল ৰাইজক আৱেগিক কৰি শাসন চলোৱা গেৰুৱা চৰকাৰখনে অসমত ডকাইতৰাজতকৈ অধিক কঠোৰ শাসন চলোৱা বুলি অভিযোগ প্ৰতিবাদকাৰীৰ ৷

Protest against price hike of essential commodities in Sivasagar
শিৱসাগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Nov 1, 2021, 5:15 PM IST

শিৱসাগৰ, 1 নৱেম্বৰ : পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত অসমত নতুনকৈ জন্মলাভ কৰা জাতীয় সংগঠন জাতীয় সংগ্ৰামী সেনাই সোমবাৰে শিৱসাগৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

শিৱসাগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ সৰ্বকালৰ অকৰ্মণ্য নেতা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে । আজমলৰ ভয় দেখুৱাই অসমৰ সহজ সৰল ৰাইজক আৱেগিক কৰি শাসন চলোৱা গেৰুৱা চৰকাৰখনে অসমত ডকাইতৰাজতকৈ অধিক কঠোৰ শাসন চলায় বুলি উল্লেখ কৰি চৰকাৰখনে অসমীয়া ৰাইজৰ তেজ শুহি খাইছে বুলি মন্তব্য কৰে ৷

প্ৰতিবাদকাৰীসকলে চৰকাৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে পদত্যাগ কৰিবলৈ আহ্বান জনায় । জাতীয় সংগ্ৰামী সেনাই অসমৰ গাঁৱে-ভূঞে গৈ ৰাইজৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ কথা ব্যক্ত কৰে ।

লগতে পঢ়ক :অসমত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details