অসম

assam

কেব বিৰোধী প্ৰতিবাদত কপিল শিৱসাগৰ

By

Published : Nov 29, 2019, 5:28 AM IST

জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ জোৰ সমদল ৷ কেইবাটাও জাতীয় দল-সংগঠনৰ অংশগ্ৰহণ ৷ ৰাইজৰ হুংকাৰ কোনো কাৰণত মানি লোৱা নহব 855 জন বীৰ ছহীদৰ কেঁচা তেজৰ লগত বিজেপিৰ লেতেৰা ৰাজনীতি ৷

কেব বিৰোধী প্ৰতিবাদত কপিল শিৱসাগৰ
কেব বিৰোধী প্ৰতিবাদত কপিল শিৱসাগৰ

শিৱসাগৰ, 28 নৱেম্বৰ: বৃহস্পতিবাৰে কেব বিৰোধী প্ৰতিবাদত আকাশ-বতাহ কপিল শিৱসাগৰৰ চহৰৰ ৷ জাতিধংসী বিধেয়ক খনৰ বিৰুদ্ধে স্বতস্ফূৰ্ত ভাৱে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত বি.জে.পি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ খনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ ভাষা সংস্কৃতি নিশেষ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জোৰ লৈ প্ৰতিবাদ কৰিলে বিভিন্ন জাতীয় দল সংগঠনৰ লগতে চহৰখনৰ সৰ্বসাধাৰণ ৰাইজে ৷ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বৰ্ডিং খেল পথাৰৰ পৰা বাহিৰ কৰা এই বৃহৎ প্ৰতিবাদী জোৰ সমদলত অংশ গ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,বি.জে.পি চৰকাৰ মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অতিশীঘ্ৰে বাতিল কৰক আদি শ্লগানেৰে শিৱসাগৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ জোৰ সমদল

প্ৰতিবাদকাৰী যৌথ সংগ্ৰামী মঞ্চৰ নেতৃবৃন্দই সাংবাদিকৰ আগত কয় যে স্বজাতি বিৰোধী সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহব, কোনো কাৰণতে অসম চুক্তি ভৰিৰে মোহাৰি ৮৫৫ জন বীৰ শ্বহীদৰ কেঁচা তেজক কৰা অপমান কেতিয়াও সহ্য কৰিব পৰা নাযায় ৷ এই বৃহৎ প্ৰতিবাদী জোৰ সমদলত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আহোম জাতীয় গণ মঞ্চ, তাই আহোম যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আক্ৰাছু, আহোম সেনা, ঐক্য সেনা, মৰিয়া যুৱ-ছাত্ৰ পৰিষদকে আদি বিভিন্ন জাতীয় দল-সংগঠনে অংশগ্ৰহণ কৰে ৷

আৰু পঢ়ক: কেবৰ বিৰুদ্ধে জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details