শিৱসাগৰ, 14 জুলাইঃ শিৱসাগৰত পুনৰ এজনৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ কৰ'ণাত আক্ৰান্ত হোৱা লোক জন শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চালক বুলি জানিবলৈ পোৱা গৈছে ৷
শিৱসাগৰত চালকৰ দেহত ক'ভিড-১৯ পজিটিভ - চিকিৎসক
চিকিৎসালয়ৰ কৰ্মীৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ ইতিমধ্যে বহু চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সংক্ৰমণ হোৱা বুলি আশংকা কৰিছে ।
উল্লেখ্য যে,শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী অনা নিয়া কৰা বাহনৰ চালকৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰে । কৰ'ণাত আক্ৰান্ত চালক জনৰ নাম ৰফিক খান । ১২ জুলাইত চালক ৰফিকৰ স্বাৱ লোৱা হৈছিল । ইতিমধ্যে ৰফিকৰ ক'ভিড পজিটিভ বুলি ৰিপৰ্ট লাভ কৰে ৷ চালক ৰফিক খান পজিটিভ হোৱাৰ পাছত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বহু চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সংক্ৰমণ হোৱা বুলি আশংকা কৰিছে । চালক ৰফিকৰ সংস্পৰ্শলৈ অহা সকলোৰে পুনৰ ক'ভিড-১৯ পৰীক্ষা কৰা হ'ব বুলি শিৱসাগৰৰ স্বাস্থ্য বিভাগে জনাইছে । ইফালে মঙলবাৰৰ পৰা শিৱসাগৰত ক'ভিড- ১৯ ৰ ৰেপিড টেষ্ট আৰম্ভ হৈছে । এই টেষ্টৰ ফলাফল আধা ঘণ্টাৰ ভিতৰতে লাভ কৰিব পাৰি বুলি জনাইছে ডাঃ উদয়াদিত্য কোঁৱৰে ৷
লগতে পঢ়ক- টীয়কত পুনৰ দুজন লোক ক'ভিড-19 ত আক্ৰান্ত