শিৱসাগৰ, 29 নৱেম্বৰ :শিৱসাগৰ জিলাত বৰ্তমানেও বিনা কাৰণত ক’ভিডৰ টীকা গ্ৰহণ কৰিবলৈ বাকী আছে ২৩৬৬ গৰাকী বাসিন্দা (Covid vaccination in Sivsagar) ৷ ইতিমধ্যে প্ৰশাসনে চিনাক্ত কৰিছে নাম ঠিকনা ৷ শিৱসাগৰ জিলাৰ ভোটাৰ তালিকা অনুসৰি জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ৫,১৩,৪৫১ গৰাকী (Sivsagar district voter list) ৷ ইয়াৰে মুঠ ৫,০৬,৪৯৭ গৰাকী ভোটাৰৰ ভিতৰত গৰ্ভৱতী মহিলা, জিলাৰ বাহিৰত থকা ৰোগী, ক’ভিড ৰোগীকে ধৰি মুঠ 17,588 গৰাকীয়ে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিব পৰা নাই ৷ কিন্তু আশ্চৰ্যজনকভাৱে 2366 গৰাকীয়ে কোনো কাৰণ নোহোৱাকৈয়ে বৰ্তমানেও গ্ৰহণ কৰা নাই প্ৰতিষেধক ৷
সোমবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি এই তথ্য দাঙি ধৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Dr Ranoj Pegu at Sivsagar) । প্ৰতিষেধক গ্ৰহণ নকৰা এইসকল লোকৰ ঘৰে ঘৰে গৈ প্ৰতিষেধক ল’বলৈ আহ্বান জনাব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । এই সকলক লোকক প্ৰতিষেধক প্ৰদানৰ বাবে সোমবাৰৰ পৰা "ঘৰ ঘৰ দষ্টক" অভিযান (Ghar ghar dastak in Sivsagar) আৰম্ভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷