আমগুৰি, 8 ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ নামতিত বৃহৎ পৰিমাণৰ কৃষিভূমিত চলিছে শুৰপোকৰ ভয়ংকৰ আক্ৰমণ । বিঘাই বিঘাই কৃষিভূমি শুৰপোকে নষ্ট কৰাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল । বানৰ পাছত খেতিয়কৰ মাজলৈ শুৰপোকৰ নামত অহা বিপদক লৈ শংকিত হৈ উঠিছে এইসকল কৃষক । বিঘাই বিঘাই গেৰুলি হ'ব ধৰা খেতি পথাৰত এতিয়া শুৰ পোক,চৰহা পোক আদিয়ে এক ৰাতিৰ ভিতৰতে সকলো ধান খেৰলৈ পৰিৱৰ্তন কৰিছে ।
শিৱসাগৰ জিলাৰ নামতি পথাৰ,মাহমৰা,মাউৎ পথাৰ,খেমদৈ পথাৰ,কমাৰ পথাৰ,বামুণবাৰী পথাৰ আদিকে ধৰি জিলাখনৰ প্ৰতিখন পথাৰতে এই পোকে কৃষকসকলৰ সপোনৰ সেউজীয়াখিনি নষ্ট কৰি পেলাইছে । যাৰ ফলত এতিয়া বিমোৰত পৰিছে কৃষকসকল ।