নাজিৰা, 30 জুলাই : শিমলুগুৰিত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখলেৰে প্ৰতিবাদ । শিৱসাগৰত চলি থকা ১৪৪ধাৰা ভংগ কৰাৰ অজুহাতত শিমলুগুৰি আৰক্ষীয়ে আটক কৰিলে মানৱ শৃংখলত অংশগ্ৰহণকাৰী দহগৰাকী প্ৰতিবাদকাৰীক ।
শিমলুগুৰিত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,বীৰ লাচিত সেনাৰ লগতে আৰু কেইবাটাও দল-সংগঠনে অখিল গগৈৰ মুক্তি আৰু উন্নত চিকিৎসা,দেৱাংগনা কলিতাৰ মুক্তি আৰু কা' বাতিলৰ দাবীত সামাজিক দূৰত্ব বৰ্তাই মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে ।
প্ৰতিবাদকাৰী সকলে অখিল গগৈক মুক্তি দিয়ক,অখিল গগৈক ন্যায় দিয়ক,অখিল গগৈৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰক,অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰক,দেৱাংগনা কলিতাক মুক্তি দিয়ক,নাগৰিকত্ব (সংশোধনী) আইন বাতিল কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
আনহাতে শিৱসাগৰত প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰাৰ বাবেই ইতিমধ্যে মানৱ শৃংখলত অংশগ্ৰহণ কৰা দহগৰাকী প্ৰতিবাদকাৰীক আটক কৰিছে শিমলুগুৰি আৰক্ষীয়ে ।
লগতে পঢ়ক :ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন