অসম

assam

By

Published : Aug 28, 2020, 10:09 AM IST

ETV Bharat / city

হাঁহ-কুকুৰাৰ ফাৰ্মত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

আমগুৰিৰ দোপদৰত নিশা উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ । হাঁহ-কুকুৰাৰ ফাৰ্মত কুকুৰা খাই বন বিভাগৰ হাতত ধৰা পৰে অজগৰডাল ।

হাঁহ-কুকুৰাৰ ফাৰ্মত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
হাঁহ-কুকুৰাৰ ফাৰ্মত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

আমগুৰি, 28 আগষ্ট :কৰ'ণা আৰু লকডাউনে অকল যেন মানুহৰ দৈনন্দিন জীৱন যাত্ৰাতে প্ৰভাৱ পেলাইছে এনে নহয় । একাংশ বন্য জীৱ-জন্তুৰ জীৱন পৰিক্ৰমা প্ৰভাৱিত হৈ পৰিছে এই কালছোৱাত । খাদ্যৰ সন্ধানত একাংশ জীৱ-জন্তুৱে বনাঞ্চল এৰি গাঁও-নগৰত মানুহৰ সতে সহাৱস্থানত অভ্যস্ত হৈ পৰিছে ।

তেনে এক ঘটনা পৰিলক্ষিত হ'ল আমগুৰিৰ দোপদৰত । দোপদৰ গোহাঁই গাঁৱৰ এজন লোকৰ হাঁহ-কুকুৰাৰ ফাৰ্মত কুকুৰা পোৱালী খাই ধৰা পৰে এডাল প্ৰকাণ্ড অজগৰ । যোৱা নিশা সংঘটিত হয় এই ঘটনা ৷ নিশাই স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীত উপস্থিত হয়হি হালোৱাটিংস্থিত বনবিভাগৰ লোক । স্থানীয় লোকে এজগৰডাল ধৰি বন বিভাগৰ হাতত চমজাই দিয়ে ৷ বন বিভাগে অজগৰটোক নিকটৱৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

হাঁহ-কুকুৰাৰ ফাৰ্মত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

লগতে পঢ়ক :লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details