অসম

assam

ETV Bharat / city

ইটিভি ভাৰতৰ অভিযানত পোহৰলৈ আহিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোঁপোলা স্বৰূপ - আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোঁপোলা স্বৰূপ

শিৱসাগৰ জিলাৰ দিচাংমুখস্থিত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ লগতে বিভাগৰ তত্বাৱধানত চলি থকা ফেৰীৰ অৱস্থা দেখিলে স্পষ্ট হৈ পৰে বিভাগৰ ফোঁপোলা স্বৰূপ । বিভাগৰ জৰাজীৰ্ণ কাৰ্যালয়ৰ দৰে থৰক-বৰক অৱস্থা বিভাগীয় কৰ্মচাৰীৰ ।

inland water transport department
ইটিভি ভাৰতৰ অভিযানত পোহৰলৈ আহিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোঁপোলা স্বৰূপ

By

Published : Sep 9, 2021, 7:40 PM IST

শিৱসাগৰ, 9 ছেপ্টেম্বৰ : বুধবাৰে যোৰহাট জিলাৰ নিমাতীঘাটত সংঘটিত ভয়াৱহ নাও দুৰ্ঘটনাৰ পাছতো চকু মেল খোৱা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ । এই ঘটনাৰ পৰা বিভাগটোৱে লোৱা নাই কোনো শিক্ষা । শিৱসাগৰ জিলাৰ দিচাংমুখস্থিত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ নমুনা দেখিলে গম পোৱা যায় প্ৰকৃততে কিদৰে চলি আছে এই বিভাগ । বিভাগৰ জৰাজীৰ্ণ কাৰ্যালয়ৰ দৰে থৰক-বৰক অৱস্থা বিভাগীয় কৰ্মচাৰীৰ ।

ইটিভি ভাৰতৰ অভিযানত পোহৰলৈ আহিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোঁপোলা স্বৰূপ

শিৱসাগৰ জিলাৰ দিচাংমুখস্থিত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ লগতে বিভাগৰ তত্বাৱধানত চলি থকা ফেৰীৰ অৱস্থা দেখিলে স্পষ্ট হৈ পৰে বিভাগৰ ফোঁপোলা স্বৰূপ । আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এইটো কাৰ্যালয়ত নিয়োজিত হৈ আছে মুঠ ৭৩ গৰাকী কৰ্মচাৰী । ইয়াৰ ৪৬ গৰাকী স্থায়ী কৰ্মচাৰী হোৱাৰ বিপৰীতে ২৭ গৰাকী মাষ্টাৰ ৰোলৰ কৰ্মচাৰী নিয়োগ হৈ আছে এই কাৰ্যালয়ত ।

লগতে পঢ়ক :নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

এই সমূহ কৰ্মচাৰীৰ বাবে অসম চৰকাৰে প্ৰতি মাহে দৰমহাৰ বাবদ ব্যয় কৰি আহিছে প্ৰায় ৩০ লক্ষাধিক টকা । কিন্তু চৰকাৰী ধন খাই অহা এই বিভাগৰ কৰ্মচাৰী সকলৰ কাম কি ? পুৱা ৯ বজালৈ কাৰ্যালয়ত উপস্থিত নোহোৱা এই সকল কৰ্মচাৰীৰ সৰহ সংখ্যক কাৰ্যালয়লৈ নাহে মাহ মাহ ধৰি । আনহে নালাগে বুধবাৰে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ পাছতো বৃহস্পতিবাৰে কাৰ্যালয়ত উপস্থিত নহ’ল এই সকলৰ সৰহ সংখ্যক কৰ্মচাৰী ।

লগতে পঢ়ক :নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

এই সকল কৰ্মচাৰীৰ এটাই কাম । দিচাংমুখৰ পৰা মাতমৰা-টেকেলীফুটা ঘাটলৈ চলা ফেৰী সমূহৰ পৰ্যৱেক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰা । কিন্তু এই সামান্য দায়িত্ব পালন কৰিব পৰা নাই ৭৩ গৰাকী কৰ্মচাৰী থকা এই কাৰ্যালয়ে । পুৱা ৯.৩০ বজাত দিচাংমুখৰ পৰা যোৱা ফেৰীখন পৰ্যৱেক্ষণ কৰিবলৈ উপস্থিত নহ’ল এজনো কৰ্মচাৰী ।

লগতে পঢ়ক :নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ফেৰীত নাই দৰকাৰী সুৰক্ষা সামগ্ৰী । মাত্ৰ দহটা লাইফ জেকেট লৈ চলিছে ফেৰী । চাবলৈ নাই বিভাগৰ কোনো কৰ্মচাৰী । এই সকলৰ গাফিলতিৰ বাবে সংঘটিত হ'ব পাৰে আন এক ভয়ংকৰ নাও দুৰ্ঘটনা । দিচাংমুখত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন নিজাববীয়া নাও আছে । কিন্তু বিভাগে যাত্ৰী নোহোৱাৰ আজুহাতত এই নাওখন নচলাই ।

লগতে পঢ়ক :ৰাইজ, ছাত্ৰ সমাজ আৰু আছুৰ প্ৰতিবাদত উত্তপ্ত মাজুলীৰ পৰিৱেশ: আৰক্ষীৰ লাঠী চালনা

ইয়াৰ বিপৰীতে ইতিমধ্যে এজন লেচীক দি থোৱা ফেৰীৰ চোৱাচিতা কৰে এই সকল কৰ্মচাৰীয়ে । ৭৩ গৰাকী বিষয়া-কৰ্মচাৰী থকা এইটো কাৰ্যালয়ে এখন চৰকাৰী নাও চলাবলৈ সক্ষম নহয় যদিও বছৰে বছৰে খাই আছে চৰকাৰী ধন । আনহাতে কাৰ্যালয়ত সাংবাদিক উপস্থিত হোৱাৰ পাছত এজন এজনকৈ অনুপস্থিত কৰ্মচাৰীক ফোন যোগে মাতি আনি চহী কৰোৱা হয় উপস্থিতিৰ বহীত । ঘৰৰ পৰা উধাতু খাই আহি কেমেৰাৰ সন্মুখত উপস্থিতিৰ বহীত চহী কৰিলে এই সকলে ।

লগতে পঢ়ক :The tragic ferry accident: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী ভূপেন বৰাৰ

দিচাংমুখৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়টোৰ দৰে থৰক-বৰক অৱস্থা কৰ্মচাৰী সকলৰ । এই সকল কৰ্মচাৰীৰ যে কোনো কাম নাই বা কাৰ্যালয়লৈ নহাকৈ চৰকাৰী ধন খাই আছে সেই কথা স্বীকাৰ কৰে শাখা বিষয়া গৰাকীয়ে । এই কাৰ্যালয়টো আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মহীনতাৰ এক জলন্ত উদাহৰণ । চৰকাৰ পক্ষ তথা বিভাগীয় বৰমূৰীয়াই কৰ্ম-সংস্কৃতিৰ সংশোধন সাধন কৰিব পাৰিব নে এই বিভাগটোৰ ৷ সেয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :নিমাতীঘাটত উপস্থিত হৈ কি ক’লে অখিল গগৈয়ে ?

ABOUT THE AUTHOR

...view details