প্ৰগতিৰ মইমতালিত অতিষ্ঠ ৰোগী ! - progroti hospital
শিৱসাগৰৰ 'প্ৰগতি'নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ ৰোগীৰ, নিজ ইচ্ছাৰে চিকিৎসালয়খনত মাছুল লোৱাৰ অভিযোগ ৰোগীৰ ৷
শিৱসাগৰ,১৫জুন : শিৱসাগৰৰ 'প্ৰগতি'নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ বিৰুদ্ধে অভিযোগ ৰোগীৰ । নিজ ইচ্ছা অনুসৰি চিকিৎসালয়খনে ৰোগীৰ পৰা মাছুল লোৱাৰ অভিযোগ উত্থাপন হৈছে । চিকিৎসাৰ বাবদ দিনত ৩০০ টকা আৰু ৰাতি ৪২০ টকাকৈ ৰোগীয়ে দিব লগা হয় । চিকিৎসালয়খনৰ এই মইমতালিত দুৰ্ভোগ ভুগিছে এতিয়া ৰোগীসকল । ইফালে ,এই ঘটনাৰ বাবে স্বাস্থ্য বিভাগক অভিযোগ দিয়া হৈছিল যদিও বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান নকৰিলে । 'CLINICAL ESTABLISHMENT ACT' ত এই সন্দৰ্ভত অভিযোগ লোৱাৰ কোনো নীতি নিৰ্দেশনা নোহোৱাৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ নকৰে কোনো ব্যৱস্থা । আইনৰ সুৰুঙা লৈ শিৱসাগৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নিজ ইচ্ছামতে চলা এই কাম-কাজত অতিষ্ঠ হৈ পৰিছে ৰোগী তথা স্থানীয় ৰাইজ । কিন্তু চৰকাৰে এই ক্ষেত্ৰত কেতিয়া নিজৰ দায়িত্ব পালন কৰিব তাক লৈ এতিয়া চিন্তিত স্থানীয় ৰাইজ ।