শিৱসাগৰ, 29 এপ্ৰিল : শিৱসাগৰত বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ 10 লাখ টকা ধন যৌতুক বিচাৰি স্বামী, শাহু-শহুৰৰ লগতে বৰজনাৰ অকথ্য নিৰ্যাতন ইৱতিচাম আহমেদ নামৰ মহিলাগৰাকীক ৷ দীৰ্ঘদিন ধৰি স্বামীগৃহত মহিলাগৰাকীৰ ওপৰত স্বামী পৰিয়ালে চলাই আহিছে অকথ্য শাৰীৰিক -মানসিক নিৰ্যাতন ৷ স্বামী পৰিয়ালৰ এই নিৰ্যাতন সহ্য কৰিব নোৱাৰি অসহায় মহিলাগৰাকীয়ে 24 এপ্ৰিলতে স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছিল এজাহাৰ ৷ যদিও শিৱসাগৰ আৰক্ষীয়ে ৩১১/ ১৯ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৯৮ আৰু ৩০৭ নং ধাৰাত দুটাকৈ জামিনবিহীন গোচৰ ৰুজু কৰিয়েই কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ নিজৰ দায়িত্ব সামৰে ৷
যৌতুকৰ নামত শিৱসাগৰত বোৱাৰী নিৰ্যাতন - স্বামী পৰিয়াল
শিৱসাগৰত বোৱাৰী নিৰ্যাতন ৷ যৌতুক বিচাৰি স্বামীৰ লগতে স্বামী পৰিয়ালে এগৰাকী মহিলাক অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ ৷ স্বামী তথা স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল নিৰ্যাতিতাৰ ৷
শিৱসাগৰত বোৱাৰী নিৰ্যাতন
আনহে নালাগে যৌতুক বিচাৰি ইবতিচাম আহমেদক প্ৰাণে মৰাৰ চেষ্টা চলোৱা স্বামী আৰু স্বামী পৰিয়ালক সাধাৰণ সোধা-পোচা কৰিবলৈও সাহস নহ'ল শিৱসাগৰ আৰক্ষীৰ ৷ ফলত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে মহিলাগৰাকী ৷