শিৱসাগৰ, 30 জুলাই :শিৱসাগৰ জিলাত বুধবাৰে 26 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ লগতে বৃহস্পতিবাৰে আক্ৰান্ত হৈছে 9 গৰাকী । ৰেপিড টেষ্টৰ জৰিয়তে এই লোকসকল ক'ভিড-19 ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷
শিৱসাগৰত ক'ভিড ৰোগীৰ সংখ্যা 418 গৰাকীলৈ বৃদ্ধি
শিৱসাগৰত ক'ভিড ৰোগীৰ সংখ্যা 418 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান 274 গৰাকী আৰোগ্য হৈ উঠাৰ বিপৰীতে 144 গৰাকী চিকিৎসাধীন হৈ আছে ৷
শিৱসাগৰত ক'ভিড ৰোগীৰ সংখ্যা 418 গৰাকীলৈ বৃদ্ধি
ইয়াৰ ফলত জিলাখনত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 418 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে 274 গৰাকী ৰোগীক আৰোগ্য বুলি ঘোষণা কৰা হৈছে । বৰ্তমান 144 গৰাকী ক'ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে । আনহাতে,যোৱা নিশা অহা 25 জুলাইৰ টেষ্টত মুঠ 5 গৰাকী আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰে দুগৰাকী চিকিৎসক বুলি জানিবলৈ দিছে জিলা স্বাস্থ্য বিষয়াই ৷
লগতে পঢ়ক :আছুৰ নতুন ৰাজনৈতিক দলৰ সৈতে আগবাঢ়িব সংগ্ৰামী মঞ্চ: অদীপ কুমাৰ ফুকন