অসম

assam

ETV Bharat / city

আন্তঃজিলা যাতায়ত বন্ধত অসন্তুষ্ট বাহনৰ মালিক পক্ষ - স্থৱিৰ

শুকুৰবাৰ অৰ্থাৎ 21 মে'ৰপৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত ব্যৱস্থা ৷ কৰ‘ণাৰ সংক্ৰমণৰ ভয়াৱহতাৰপৰা ৰাজ্যবাসীক ৰক্ষা কৰাৰ উদ্দেশ্য লোৱা সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ বাহনৰ মালিক সকলৰ ৷

আন্ত:জিলা যাতায়ত বন্ধত অসন্তুষ্ট বাহনৰ মালিক পক্ষ
আন্ত:জিলা যাতায়ত বন্ধত অসন্তুষ্ট বাহনৰ মালিক পক্ষ

By

Published : May 18, 2021, 6:50 PM IST

শিৱসাগৰ, 18 মে': ৰাজ্যত পুনৰ কৰ’ণা মহামাৰীয়ে ত্ৰাসিত কৰি তুলিছে মানৱ জীৱন । কৰ’ণা মহামাৰীৰ বাবে দেশৰ লগতে ৰাজ্যতো দৈনন্দিন জীৱন স্থৱিৰ হৈ পৰিছে ৷ ইয়াৰ মাজতে চৰকাৰে নতুন নিৰ্দেশনাৰ জৰিয়তে অহা ২১ মে' অৰ্থাৎ শুকুৰবাৰৰ পৰা বন্ধ থাকিব আন্তঃজিলা যাতায়ত বন্ধ থাকিব বুলি ঘোষণা কৰিছে ।

ইয়াৰ পাছতেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ সদা ব্যস্ত শিৱসাগৰ জিলাৰ বাছ আস্থানলৈ এতিয়া যাত্ৰীৰ সমখ্যা হ্ৰাস পাইছে । ক'ভিড মহামাৰীৰ বাবে যাত্ৰীৰ সংখ্যা তেনেই কম আনহাতে বিগত কেইবাদিনো ও ধৰি নেৰানেপেৰা বৰষুণে অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক ।

ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধৰ ঘোষণা কৰিছে । কিন্তু এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে বাহন চালক তথা মালিক পক্ষৰ । উল্লেখ্য যে, বিগত বৰ্ষৰ ল'কডাউনে অৰ্থনৈতিকভাৱে কোঙা কৰা ব্যৱসায়ে আংশিক সকাহ লওঁতেই পুনৰ বন্ধই এতিয়া চিন্তিত কৰি তুলিছে চালক আৰু বিশেষকৈ বাছৰ গৰাকীসকলক ৷

লগতে পঢ়ক :নলবাৰীৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া চিকিৎসালয়ৰ অধীক্ষকৰ

ABOUT THE AUTHOR

...view details