অসম

assam

ETV Bharat / city

অবৈধভাৱে ধন সংগ্ৰহক কেন্দ্ৰ কৰি উত্তপ্ত অসম-নগালেণ্ড সীমান্ত - চৰাইদেউ

চৰাইদেউৰ সোণাৰিত অসমৰ ব্যৱসায়ীৰ পৰা অবৈধভাৱে নগালেণ্ডৰ বিভিন্ন দল সংগঠনে ধন সংগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ ইতিমধ্যে অসম-নগালেণ্ড সীমান্তত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ব্যৱসায়ী সকলে ৷

Assam Business Team Protest Against Nagaland At Sonari Saraideu District
সোণাৰিত অবৈধভাৱে ধন সংগ্ৰহৰ ঘটনাক কেন্দ্ৰকৰি অসম-নগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি

By

Published : Aug 26, 2020, 3:44 PM IST

শিৱসাগৰ, 26 আগষ্টঃ চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত পথ অৱৰোধ স্থানীয় ব্যৱসায়ী সকলৰ । ক'ৰণা মহামাৰীৰ নামত দীৰ্ঘ দিনৰে পৰা নগালেণ্ডৰ মন জিলা প্ৰশাসনৰ লগতে কন‌্যাক ষ্টুডেণ্ট ইউনিয়ন, টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়ন তথা নগা উগ্ৰপন্থী সংগঠনে অসমৰ ব্যৱসায়ী সকলৰ পৰা বিভিন্ন অজুহাতত ধন লোৱা বুলি গুৰুতৰ অভিযোগ কৰে অসমৰ ব্যৱসায়ী সকল ৷

সোণাৰিত অবৈধভাৱে ধন সংগ্ৰহৰ ঘটনাক কেন্দ্ৰকৰি অসম-নগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি

ইফালে ক'ভিড-১৯ টেষ্টৰ নামতো প্ৰতিজন চালক আৰু সহায়কৰ পৰা ১৫০০ টকাৰ লগতে গাড়ী চেনিটাইজৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপন কৰে অসমৰ ব্যৱসায়ী সকলে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আন্তঃৰাজ্যিক যাতায়ত মুকলি কৰি দিয়া পাছতো কৰ'ণাৰ নামত ব্যৱসায়ী তথা স্থানীয় লোকৰ ওপৰত এনেদৰে নাগালেণ্ডৰ এই শাৰাহাস্তি কৰাৰ প্ৰতিবাদত নামতোলা ব্যৱসায়ী সন্থাৰ লগতে চৰাইদেউ জিলাৰ প্ৰায় ১৫ টা ব্যৱসায়িক সংগঠনে পথ অৱৰোধ কৰে । ইফালে প্ৰতিবাদকাৰী সকলে নগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ ঘোষণা কৰিছে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ।

লগতে পঢ়ক-শিলচৰত কেইবাটাও মণিপুৰী সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details