আমগুৰি,17আগষ্টঃ আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে সৰৱ হৈ আজি আমগুৰিৰ ৰাজপথ কঁপাই তোলে কংগ্ৰেছ দলে ৷ গৌৰীসাগৰৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি 103 নং আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আমগুৰিৰ কংগ্ৰেছ কৰ্মীসকলে ৷ প্ৰতিবাদী কাৰ্যসূচীত একাংশ কংগ্ৰেছ কৰ্মীয়ে বিজেপি চৰকাৰ মুৰ্দাবাদ, আমগুৰি সমষ্টি বিলুপ্তিকৰণ বন্ধ কৰক, আমগুৰি সমষ্টি আমাৰ গৌৰৱ আদি শ্ল'গানেৰে অৰ্ধনগ্ন হৈ প্ৰতিবাদ কৰে ৷
বিলুপ্তিকৰণ কৰা হ'ব আমগুৰি সমষ্টিঃ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - অৰ্ধনগ্ন
গৌৰীসাগৰৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি 103 নং আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে বিজেপি চৰকাৰ মুৰ্দাবাদ, আমগুৰি সমষ্টি বিলুপ্তিকৰণ বন্ধ কৰক, আমগুৰি সমষ্টি আমাৰ গৌৰৱ আদি শ্ল'গানেৰে অৰ্ধনগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে আমগুৰিৰ কংগ্ৰেছ কৰ্মীসকলে ৷
বিলুপ্তিকৰণ কৰা হ'ব আমগুৰি সমষ্টিঃকংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
প্ৰায় এঘণ্টা জোৰা প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দি কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই উজনি অসমৰ ৰাজনৈতিক গুৰুত্ব কমাবৰ কাৰণেই বিজেপি চৰকাৰে সমষ্টি বিলুপ্তিকৰণ কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ কৰে ৷ ইয়াৰ লগতে লগতে বিজেপি চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ সফল হ'বলৈ দিয়া নহ'ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ৷