কাছাৰ,৫ মাৰ্চ: শিৱৰাত্ৰী উপলক্ষে প্ৰত্যেক বছৰৰ দৰে কাছাৰৰ ভূৱনপাহাৰস্থিত হৰ-পাৰ্বতী মন্দিৰত শিৱ চতুৰ্থী উপলক্ষেআৰম্ভ হৈছেবৃহৎ মেলা । মঙলবাৰে দুৰ্গম পাৰ্বত্য পথ অতিক্ৰম কৰি যথেষ্ট সংখ্যক ভক্তই মন্দিৰত পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় ।
যথেষ্ট সংখ্যক ভক্তৰ আগমন
জনবিশ্বাস মতে এই পাহাৰীয়া মন্দিৰৰ গাতে লাগি থকা পুখুৰীত গা ধুই পূজা প্ৰদান কৰিলে পূণ্য লাভ কৰিব পাৰি । যাৰ বাবে প্ৰত্যেক বছৰেই এই বিশেষ দিনটোত যথেষ্ট ভক্তৰ আগমনে এক সমগম স্থলীলৈ ৰূপান্তৰিত হৈ পৰে ।