অসম

assam

ETV Bharat / city

ক'ৰোণা ত্ৰাসঃ কৰিমগঞ্জত ফুলেৰে ফাকুৱা উদযাপন

ইয়াত কণমানি সকলৰ নৃত্য পৰিবেশনৰ লগতে বিভিন্নজনে সংগীত পৰিবেশন কৰে।

By

Published : Mar 9, 2020, 11:20 PM IST

উলহ-মালহেৰে ফাকুৱা উদযাপন...
উলহ-মালহেৰে ফাকুৱা উদযাপন...

কৰিমগঞ্জ, 9 মাৰ্চঃসমগ্ৰ দেশৰ লগতে সোমবাৰে কৰিমগঞ্জতো দৌল উৎসৱৰ ব্যাপক উৎসাহ পৰিলক্ষিত হয় । সীমান্ত জিলা কৰিমগঞ্জ চহৰৰ বিভিন্ন ঠাইত দৌল উৎসৱৰ উখল মাখল পৰিবেশ পৰিলক্ষিত হয় । চহৰৰ সাৰদাপল্লী ৰোডত অৱস্থিত এখন বৃদ্ধাশ্ৰমত বিভিন্ন সাংস্কৃতিক সংস্থাৰ দ্বাৰা এক বৰ্নাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াত কণমানি সকলৰ নৃত্য পৰিবেশনৰ লগতে বিভিন্নজনে সংগীত পৰিবেশন কৰে। ফাগুণৰ আৰম্ভনিতে এইবাৰ বিশ্বত ত্ৰাস সৃষ্টি কৰা কৰোণা ভাইৰাছে ফাকুৱাৰ উৎসাহক কিছু ম্লান কৰা পৰিলক্ষিত হৈছে ফলত ফাকুৰ পৰিৱৰ্তে এইবেলি ফূলৰে হোলি খেলিছে সাধাৰণ ৰাইজে ৷

কৰিমগঞ্জ

আনহাতে, ৰাজ্যৰ অন্য জিলা সমূহৰ সমান্তৰালকৈ শিলচৰৰ বিভিন্ন ঠাইত হোলি উৎসৱৰ আনন্দ ম্লান পৰা পৰিলক্ষিত হৈছে। ক'ৰোণা আতংকৰ বাবে ফাকুৱা ৰং কিনিবলৈ ৰাইজৰ মনত উছাহ উদ্দীপনা নাই । ফলত ৰঙৰ দাম হ্ৰাস পাইছে শিলচৰৰ বজাৰত ৷ কেৱল ভগবানক দিবলৈ কম পৰিমাণৰ আবিৰ ক্ৰয় কৰিছে সাধাৰণ ৰাইজে ৷ ফলত বজাৰ বেয়া হৈছে ৰঙৰ দোকানীসমূহৰ ৷ মুঠতে ক'ৰোণা ত্ৰাসে ৰাজ্যত বাৰুকৈয়ে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷

শিলচৰ

ABOUT THE AUTHOR

...view details