মুকালমুৱা, 24 মে' : ৰাজ্যজুৰি কৰ’ণাৰ আতংকৰ মাজতে সমগ্ৰ ৰাজ্যতে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ঘগাত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে নগধ ধনসহ আটক কৰে দুই সৰবৰাহকাৰীক ৷
মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত চলোৱা গোপন অভিযানত ড্ৰাগছ, নগধ ধন সহ দুই সৰহবৰকাৰীক আটক কৰে । ধৃত ড্ৰাগছ সৰহবৰকাৰী দুজনৰ পৰা 9 টাকৈ কন্টেইনাৰসহ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷