অসম

assam

ETV Bharat / city

পৰীক্ষাৰ মূল্যাংকন পদ্ধতিক লৈ সৰব ছাত্ৰ যুৱ সংগ্ৰাম সমিতি - AAP

হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (Higher Secondary) পৰীক্ষাৰ মূল্যায়নৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷ ছাত্র-ছাত্ৰী সকলৰ মাৰ্কশ্বিট (Mark sheet), চাকৰিৰ অৰ্হতা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি হুংকাৰ দিয়ে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি দিব্যজ্যোতি কুলিয়ে ৷

SYSS press conference on HSLC And HS final exam At Nalbari
ছাত্র-ছাত্ৰীৰ মাৰ্কশ্বিট চাকৰিৰ বাবে প্ৰযোজ্য হ'বই লাগিব:ছাএ যুৱ সংগ্ৰাম সমিতি

By

Published : Jul 4, 2021, 10:49 PM IST

নলবাৰী, 4 জুলাই : হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (Higher Secondary) সন্দৰ্ভত নলবাৰী জিলাৰ নামদোঙাত দেওবাৰে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ অসমৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি কুলিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদ মেলত পৰীক্ষাৰ মূল্যাংকন পদ্ধতিক লৈ সৰব হৈ পৰে নেতা গৰাকী ৷ শেষতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে কৰ'ণা মহামাৰীৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰি বিকল্প মূল্যায়নৰ ব্যৱস্থাৰে ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণৰ ব্যৱস্থা কৰিছে ।

বৰ্তমান কৰ'ণা মহামাৰী সংক্ৰমিত হৈ থকা পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক বৰ্ষ সুৰক্ষিত কৰাৰ স্বাৰ্থত এখন উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰি দিয়ে ৷ উক্ত সমিতিখনৰ দ্বাৰা দাখিল কৰা বিকল্প মূল্যায়ন পদ্ধতিৰ সকলো ৰূপৰেখা গ্ৰহণযোগ্য হ'লেও ছাত্র-ছাত্ৰী সকলৰ মাৰ্কশ্বিট, চাকৰিৰ অৰ্হতা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য বিষয় হ'ব নোৱাৰে বুলি মন্তব্য কৰে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সভাপতি দিব্যজ্যোতি কুলিয়ে । এই ক্ষেত্ৰত চৰকাৰক তীব্ৰ সমালোচনা কৰে নেতা গৰাকীয়ে ৷

ছাত্র-ছাত্ৰীৰ মাৰ্কশ্বিট চাকৰিৰ বাবে প্ৰযোজ্য হ'বই লাগিব:ছাএ যুৱ সংগ্ৰাম সমিতি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (Higher Secondary) ৰ মূল্যায়নৰ ওপৰত যি মন্তব্য কৰিছে তাক লৈ আচৰিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলকো ।

আনহাতে, নতুন ব্যৱস্থাৰে মূলাংকন কৰি অতি সোনকালে ফলাফল ঘোষণা কৰাৰ কথা কৈছে যদিও এইসকল ছাত্র -ছাত্ৰীৰ মাৰ্কশ্বিট(Mark sheet) চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । সেইসকল ছাত্র-ছাত্ৰীৰ বাবে আছুতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিব, যাৰ আলমত তেওঁলোকে চাকৰিৰ আবেদন কৰিব পাৰিব । এই সিদ্ধান্ত সমূহ কি যুক্তিৰ ভিত্তিত অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে বুলি প্ৰশ্ন কৰে সংগঠনটোৱে ৷

শিক্ষা বিভাগৰ এনে ব্যৱস্থাৰ বিৰুদ্ধে তীব্র বিৰোধিতা কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে আৰু সিদ্ধান্ত সলনি কৰি ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বিট (Mark sheet) সমূহ যাতে সকলোতে মান্যতা পাই তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ সভাপতি দিব্যজ্যোতি কুলিয়ে ৷ এই সংবাদমেলত উপস্থিত থাকে আপ (AAP) ৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰী, নলবাৰীৰ জিলাৰ আপৰ সভাপতি আনচুল হক ,ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাংগঠনিক সদস্য বাবুল আলী,আপ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী অনুৰূপা বড়োকে ধৰি কেইবাগৰাকীও নেতা ।

লগতে পঢ়ক-৪ মাহে দৰমহা লাভ কৰা নাই স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে

ABOUT THE AUTHOR

...view details